অসম

assam

ETV Bharat / videos

Differently abled Bolai: জীৱন সংগ্ৰামত হাৰ নমনা বলাই - জীৱনত সংগ্ৰামত হাৰ নমনা এজন সুযোগ্য পুত্ৰ

By

Published : Aug 11, 2022, 6:18 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

জীৱন সংগ্ৰামত হাৰ নমনা এজন সুযোগ্য পুত্ৰ ৷ মানসিকভাৱে সৱল হ’লে শাৰীৰিক অক্ষমতা জীৱনত কেতিয়াও বাধা হ’ব নোৱাৰে তাৰেই উদাহৰণ দাঙি ধৰিলে কলিয়াবৰৰ এজন লোকে ৷ হুইল চেয়াৰত ইঠাইৰ পৰা সিঠাইলৈ অহা যোৱা কৰি বয়সীয়াল মাতৃৰ সৈতে লগ লাগি এখন দোকান দি জীৱন নিৰ্বাহ কৰা এজন লোকৰ কাহিনী এয়া ৷ হুইল চেয়াৰত বহিয়েই কেতিয়াবা সৰু-সুৰা বস্তু দুপদমান বান্ধি লৈ ইফালে-সিফালে ঘূৰি বিক্ৰী কৰি ফুৰে কলিয়াবৰৰ বলাই চন্দ্ৰ বণিক নামৰ বিশেষভাৱে সক্ষম লোকজনে । পিছে বিশেষভাৱে সক্ষমৰ নামত চৰকাৰী যি সাহাৰ্য পাইছিল সেয়া বিগত এটা বছৰে লাভ নকৰাত সম্প্ৰতি আৰ্থিকভাৱে ভাগি পৰিছে বলাই আৰু মাতৃ ৷ উপাৰ্জনৰ একমাত্ৰ সমল দোকানখন বচাবলৈ আৰু মাতৃৰ বেমাৰৰ চিকিৎসা কৰিবলৈ আৰ্থিক সাহাৰ্য দিবলৈ বলাইয়ে বেদনাসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কৰযোৰে আহ্বান জনায় (Differently abled mother son duo pray CM for help) ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details