অসম

assam

ETV Bharat / videos

আজমলক ভালকৈয়ে চিনি পালে তৰুণ গগৈয়ে !! - ALLIANCE

By

Published : Aug 3, 2019, 5:32 PM IST

গুৱাহাটী, 3 আগষ্টঃ ৰাজনীতিত কোনো কাৰো মিত্ৰ আৰু শত্ৰু হৈ নাথাকে। ৰাজনীতি এনে এক খেল যত শত্ৰু কেতিয়া মিত্ৰ আৰু মিত্ৰ কেতিয়া শত্ৰু হয় কোনেও পূৰ্ৱানুমান কৰিব নোৱাৰে। এই কথা পুনৰ প্ৰমাণ কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। এটা সময়ত এ আই ইউ ডি এফ দলৰ প্ৰধান বদৰুদ্দিন আজমলৰ ঘোৰ বিৰোধী তৰুণ গগৈ এতিয়া ২০২১ত ৰাজ্যৰ শাসনভাৰ কংগ্ৰেছৰ হাতলৈ আনিবলৈ আজমলৰ ৰাজনৈতিক দল এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰিবলৈ প্ৰস্তুত। ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰি ৰাজ্যত পুনৰ শাসনলৈ অহাটো কংগ্ৰেছ দলৰ বাবে সহজ নহ'ব আৰু এই কথা কংগ্ৰেছ দলে ভালকৈ বুজি পাইছে । বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছ এতিয়া ব্যস্ত ৰণকৌশল প্ৰস্তুত কৰাত। এসময়ৰ দেশৰ প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছক এতিয়া পুনৰোজ্জীৱিত হ'বলৈ প্ৰয়োজন অন্যান্য ৰাজনৈতিক দলৰ আৰু সেইয়ে কংগ্ৰেছ এতিয়া আগুৱাই দিছে মিত্ৰতাৰ হাত অন্যান্য ৰাজনৈতিক দল সমূহলৈ। ইমানদিনে সাম্প্ৰদায়িক দল হিচাপে বিবেচিত কৰি অহা এ আই ইউ ডি এফৰ লগতো মিত্ৰতা কৰিবলৈ প্ৰস্তুত কংগ্ৰেছ।

ABOUT THE AUTHOR

...view details