নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰৱ অখিল গগৈ
হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰত্যাহ্বান অখিল গগৈৰ ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অসমলৈ আহিব 1 কোটি 70 লাখ বাংলাদেশী ৷ সংবিধানৰ 6নং দফাৰ সাংবিধানিক সুৰক্ষা কমিটীত থকা আছুৰ লগতে বুদ্ধিজীৱী সমাজ আৰু অগপলৈ আহ্বান গগৈৰ ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতক সকলোৱে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 18 নৱেম্বৰৰ পৰা ৰূপায়ন কৰিব ব্যতিক্ৰমী প্ৰতিবাদ ৷ 22 নৱেম্বৰত ৰাজভৱন চলো কাৰ্যসূচীও ৰূপায়ন কৰিব সংগঠনটোৱে ৷ 2016 চনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু 2019 চনৰ সংশোধনী বিধেয়কৰ মাজত পাৰ্থক্য আছে বুলি প্ৰমাণ কৰক হিমন্ত আৰু বিজেপি চৰকাৰে, অখিল গগৈৰ মুকলি প্ৰত্যাহ্বান ৷ একাংশ ধর্মীয় অবৈধ বিদেশীক স্বদেশী কৰাৰ অস্ত্ৰ নাগৰিকত্ব সংশোধনী বিধেয়ক, সংবাদমেলত স্পষ্ট ভাষাৰে ঘোষণা অখিল গগৈৰ ৷