নিৰ্বাচনে প্ৰভাৱ পেলাই নেকি দেশৰ অৰ্থনীতিত? এখন সুস্থিৰ চৰকাৰৰ অপেক্ষাত বাণিজ্য ক্ষেত্ৰ - loksabha election
বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতত এতিয়া নিৰ্বাচনী বতৰ ৷ দেশৰ অৰ্থনৈতিক নীতি নিৰ্ধাৰণ কৰা নিৰ্বাচিত চৰকাৰ এখনৰ সুদৃঢ় স্থিতিৰ ওপৰত তীক্ষ্ন নজৰ ৰাখে বাণিজ্যখণ্ডৰ কাণ্ডাৰীসকলেও ৷ এখন সুস্থিৰ চৰকাৰৰ অপেক্ষাত দৃষ্টি নিবদ্ধ হোৱা বাণিজ্যখণ্ডৰ কৌশলী স্থিতিৰ বাবে প্ৰভাৱিত হয় দেশৰ অৰ্থনৈতিক অৱস্থা ৷ কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় নীতি আৰু ৰাজনৈতিক স্থিতিয়ে দেশৰ অৰ্থনীতিত মূল প্ৰভাৱ পেলোৱা দেখা গৈছে ৷