মূল্যবৃদ্ধি ৰোধৰ দাবীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ - অত্যাৱশ্যকীয় সামগ্ৰী
সমগ্ৰ ৰাজ্যতে মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ ৰাইজক ৷ পেট্ৰ’ল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম দিনক-দিনে বৃদ্ধি পাইছে ৷ যাৰ বাবে মধ্যবিত্ত শ্ৰেণীৰ লোক, শ্ৰমিক, দিন-হাজিৰা কৰি দুবেলা-দুমুঠি খোৱা লোকসকলৰ চলাতো বহু কঠিন হৈ পৰিছে ৷ বিভিন্ন দল-সংগঠনে এই মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিছে যদিও গা লৰাব পৰা নাই বিজেপি নেতৃত্বাধীন চৰকাৰৰ ৷ শনিবাৰে নলবাৰীত মূল্যবৃদ্ধি ৰোধৰ দাবীৰে প্ৰতিবাদত নামি পৰিল আম আদমী পাৰ্টীৰ নলবাৰী জিলা সমিতি ৷ হৰিমন্দিৰ চ’কত আম আদমী পাৰ্টীৰ দলীয় কৰ্মীসকলে প্ৰতিবাদত নামি পৰা পৰিলক্ষিত হ’ল ৷ আম আদমী পাৰ্টীক এই প্ৰতিবাদত সহযোগ কৰে নলবাৰী জিলা মজদুৰ ইউনিয়নে ৷ প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক ধ্বনিৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷
Last Updated : Aug 9, 2021, 9:17 AM IST