বজাৰত আনাৰসৰ পয়োভৰ
বৰ্ষা ঋতু প্ৰকৃতিৰ বাবে এক মনোৰম সময় । এই সময়তে উৎপন্ন হয় সুস্বাদু ফল আনাৰস ।এইয়া মৰিগাঁৱৰ দৃশ্য । মৰিগাঁৱৰ এইজন ফল ব্যৱসায়ীয়ে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ পৰা আগতীয়াকৈ সুস্বাদু আনাৰস আনি মৰিগাঁৱৰ বজাৰত গ্ৰাহকক যোগান ধৰিছে । তেঁও বহুকেইটা টোলগেট, চেকগেট অতিক্ৰম কৰি সামান্য লাভ এটা লৈ বৃহস্পতিবাৰে মৰিগাঁওবাসীক যোগান ধৰে বছৰৰ প্ৰথম আনাৰস ।