কঁঠাল খাবলৈ আহি কুঁৱাত পৰিল এটা কণমানি হাতীপোৱালি
প্ৰায় চাৰি ঘণ্টা যুঁজৰ অন্তত হাতীৰ পোৱালিটো জেচিবিৰে মাটি খান্দি উদ্ধাৰ কৰে বন বিভাগে । এবছৰীয়া হাতী পোৱালীটো বৰ্তমান গোৱালপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ ফুটুৰীপাৰা গাঁৱত অনাই-বনাই ঘূৰি আছে । এই মূহুৰ্তলৈকে বন বিভাগে হাতী পোৱালীটোক মাকৰ ওচৰলৈ পঠাব পৰা নাই যদিও চেষ্টা অব্যাহত ৰাখিছে ।