ৰিলায়েন্স জিঅ’ৰ ৯.৯৯ শতাংশ অংশীদাৰিত্ব কিনিলে ফেচবুকে - । Jio–এ ভাৰতত
ৰিলায়েন্স জিঅ’ৰ ৯.৯৯ শতাংশ অংশীদাৰিত্ব কিনিলে ফেচবুকে । মুকেশ আম্বানীৰ সংস্থাৰ জিঅ’ প্লেটফ’ৰ্মছ লিমিটেডত ৪৩,৫৭৪ কোটি টকা বিনিয়োগ কৰিলে মার্ক জোকাৰবাৰ্গে । বুধবাৰে জিঅ’ আৰু ফেচবুকৰ তৰফৰ পৰা আনুষ্ঠানিক ভাৱে এই ঘোষণা কৰা হয় ৷ কৰ‘ণা ভাইৰাছে বিধ্বস্ত কৰি যোৱা পৰিস্থিতিৰ পৰৱৰ্তী অৰ্থনৈতিক অৱস্থাক পুনৰ সুস্থিৰ অৱস্থালৈ ঘুৰাই অনাৰ ক্ষেত্ৰত এই বিনিয়োগে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰিব বুলিও ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে আশা ব্যক্ত কৰিছে । এই পদক্ষেপে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজক ডিজিটেল ব্যৱসায়ৰ ক্ষেত্ৰখনত আৰু আগুৱাই নিব বুলিও মন্তব্য কৰে মুকেশ আম্বানীয়ে ৷ অন্যহাতে ফেচবুকৰ স্বত্বাধিকাৰী মার্ক জোকাৰবাৰ্গে কয়, ‘এই বিনিয়োগে ভাৰতৰ প্ৰতি আমাৰ দায়বদ্ধতাক সূচাইছে । Jio–এ ভাৰতত যি ডাঙৰ পৰিৱৰ্তন সাধন কৰিছে তালৈ চাই আমিও উৎসাহিত হৈছো । চাৰি বছৰৰো কম সময়ত ৰিলায়েন্স জিঅ’ই ৩৮৮ মিলিয়নৰ অধিক লোকক অনলাইন প্লেটফৰ্মলৈ লৈ আনিলে। ইয়ে ইন’ভেশ্যন আৰু নতুন এণ্টাৰপ্ৰাইজেছক উৎসাহিত কৰিছে। মানুহক নতুন ধৰণে সংযোজিত কৰিছে। সেই কাৰণে আমি জিঅ’ৰ জৰিয়তে ভাৰতত আগতকৈ অধিক মানুহৰ সৈতে সংযোজিত হোৱাক লৈ সংকল্পবদ্ধ ।’
Last Updated : Apr 22, 2020, 3:27 PM IST