অসম

assam

ETV Bharat / videos

গান্ধীজীৰ স্মৃতিবহনকাৰী স্থান সমূহ - life of mahatma Gandhi

By

Published : Sep 13, 2019, 7:08 PM IST

আমি সেই স্থানৰ বিষয়ে ক'ব খুজিছোঁ যি গান্ধীজীৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল ৷ চম্পৰাণতেই আইন অমান্য আন্দোলনৰ আৰম্ভ হৈছিল ৷ চম্পৰাণেই সেই স্থান য'ত বাপু মোহনদাস কৰমচাঁদ গান্ধীৰ পৰা মহাত্মা লৈ ৰূপান্তৰিত হৈছিল ৷ চম্পৰাণৰ এই আন্দোলনৰ বিশেষ তাৎপৰ্য আছিল , কাৰণ এই আন্দোলনে ব্ৰিটিছ চৰকাৰক প্ৰকাশ্যে প্ৰত্যাহ্বান জনাইছিল ৷ 22 এপ্ৰিল, 1917ত গান্ধীজী লক্ষ্ণৌৰ পৰা আহি বেটিয়াত উপস্থিত হয় ৷ চাম্পাৰণ সেইসকল লোকৰ স্থান আছিল যাক, নীল খেতি কৰিবলৈ বাধ্য কৰিছিল ৷ 24 এপ্ৰিলত গান্ধীজী বৈৰিয়াৰ লকাৰিয়া গাঁৱত উপস্থিত হয় ৷ তেখেতে বৈৰিয়াত ইংৰাজ বিষয়াৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে তাতেই এটা নিশা কটাইছিল ৷ 27 এপ্ৰিলত গান্ধীজীয়ে শুক্লাৰ অনুৰোধত ভিটিওৱাৰা ভ্ৰমণ কৰিছিল ৷ মহাত্মা গান্ধীয়ে নিজেই ভিটিওৱাৰা আশ্ৰম স্থাপন কৰিছিল ৷ বাবা ৰাম নাৰায়ণ দাসে আশ্ৰম স্থাপনৰ বাবে বাপুক ভূমিদান কৰিছিল ৷ 16 নৱেম্বৰত গান্ধীজীয়ে তাত এখন বিদ্যালয় আৰু এটি জুপুৰী নিৰ্মাণ কৰে ৷ 1917 চনত নিৰ্মিত এই জুপুৰীটো চাবলৈ এতিয়াও বহু পৰ্যটক আহে ৷ গান্ধীজীয়ে তেখেতৰ চম্পৰণ ভ্ৰমণকালত উপস্থিত হোৱা স্থান সমূহ হ'ল চানপাটিয়াৰ, কুড়িয়া কুঠি আৰু চাথিওৱাৰিয়া ৷

ABOUT THE AUTHOR

...view details