VIRAL VIDEO : উত্তৰ-পূৱৰ এক শ্বহীদ পিতৃৰ মনৰ কথা... - এগৰাকী শ্বহীদৰ পিতৃৰ মনৰ কথাৰে
প্ৰায়ে দেখা যায় উত্তৰ-পূৱৰ লোকসকল সন্মুখীন হ’বলগা হয় বৰ্ণবৈষম্যৰ ৷ শেহতীয়াকৈ সম্প্ৰচাৰিত এটি ৰিয়েলিটি শ্ব’ত জনপ্ৰিয় এংকৰ ৰাঘৱ জুয়েলে অসমৰ কণমানি প্ৰতিযোগী গুঞ্জনক চাইনীজ বুলি কোৱাৰ বিৰুদ্ধে সৰ্বত্ৰে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া ৷ কিন্তু ইয়াৰ বিপৰিতে আন এক ঘটনাহে বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে ৷ উত্তৰ-পূৱৰ মণিপুৰ ৰাজ্যৰ এগৰাকী শ্বহীদ সৈনিকৰ পিতৃৰ ভিডিঅ'ত প্ৰকাশ পাইছে অঞ্চলটোৰ জনসাধাৰণৰ দেশৰ সৈতে থকা সম্পৰ্ক আৰু উত্তৰ-পূৱৰ লোকৰ দেশপ্ৰেমৰ বিষয়ে ৷ শেহতীয়াকৈ মণিপুৰত সংঘটিত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণত ব্যক্তিগৰাকীৰ পুত্ৰ শ্বহীদ হৈছিল ৷ বিগত শনিবাৰে মণিপুৰৰ চুৰাচান্দপুৰত অসম ৰাইফলছৰ ৪৬ বেটালিয়নৰ ৰাইফলমেন খাটনেই কন্যাকৰ মৃত্যু হৈছিল ৷ শ্বহীদগৰাকীৰ পিতৃয়ে নগামিজ ভাষাতে তেওঁৰ অনুভৱ প্ৰকাশ কৰিছিল ৷ তেওঁ কৈছিল যে, "মই মোৰ দুই পুত্ৰক ভাৰতক শক্তিশালী কৰিবলৈ সেনাত যোগদান কৰিবলৈ কৈছিলো ৷ তেওঁলোকৰ এজনৰ মৃত্যু হ’ল; কিন্তু আনজনে এতিয়াও সেৱা আগবঢ়াই আছে ৷ আমি আমাৰ সন্তানক সেনা বাহিনীলৈ প্ৰেৰণ কৰা উচিত ৷ আমাৰ কন্যাকসকলে অধিক যুৱকক বাহিনীলৈ পঠিয়াব লাগে ৷ এনেকুৱা ঘটনা বাৰে বাৰে হ’লেও মোৰ দুখ নালাগে ৷ মোৰ পুত্ৰই ভাৰতৰ বাবে তেজ দিছে আৰু মই ইয়াৰ বাবে গৌৰৱান্বিত আৰু সুখী" ৷
Last Updated : Nov 17, 2021, 7:10 PM IST