অসম

assam

ETV Bharat / videos

পুনৰ গো মাংস ইচ্ছ্যু : নিৰ্মমভাৱে গুৰুলা-গুৰুলকৈ প্ৰহাৰ তিনিজনক

By

Published : May 25, 2019, 1:33 PM IST

নিউজ ডেস্ক, 25 মে' : গো মাংস সৰবৰাহ কৰাৰ সন্দেহত গুৰুলা-গুৰুলকৈ তিনিজনকৈ প্ৰহাৰ কৰা হ'ল মধ্যপ্ৰদেশৰ চিয়নিত ৷ কেমেৰাত বন্দী এই দৃশ্য ইমানেই ভয়ানক যে তাক অসম্পাদিত ৰূপত প্ৰকাশ কৰিব নোৱাৰি ৷ গো ৰক্ষা বাহিনীৰ দ্বাৰা ৰাজপথৰ মাজতেই প্ৰহাৰ কৰা হ'ল তিনিজনকৈ যুৱকক৷ এই দৃশ্য দেখিও যুৱককেইজনক উদ্ধাৰৰ বাবে আগবাঢ়ি নাহিল কোনো ব্যক্তি ৷ মোবাইলৰ কেমেৰা লৈ ভিডিঅ' কৰাতহে ব্যস্ত থাকিল উপস্থিত সকলো লোক ৷ ৰাম সেনাৰ নেতা শুভম বাঘেল আৰু তেওঁৰ সংগীবৃন্দই গো মাংস সৰবৰাহ কৰাৰ অপৰাধত ৰাজপথৰ মাজতে গাড়ী ৰখাই আটক কৰে তিনিজনকৈ লোকক৷ এই লোকতিনিজনৰ মাজত আছিল এগৰাকী মহিলাও৷ ছ'চিয়েল মিডিয়াত লোককেইজনক প্ৰহাৰ কৰা দৃশ্য ভাইৰেল হোৱাৰ পাচতেই আৰক্ষীয়ে আটক কৰিছে ঘটনাৰ লগত জড়িত পাঁচজনকৈ অভিযুক্তক ৷

ABOUT THE AUTHOR

...view details