চাৰণৰ গংগা নদীত ডুবিল নাঁও, কথমপি প্ৰাণ ৰক্ষা আৰোহীৰ - চাৰণৰ গংগা নদীত ডুবিল নাঁও
ছপ্ৰা জিলাৰ দৰিগঞ্জ ঘাটৰ সমীপত এখন বালিভৰ্তি নাঁও গংগাত ডুব যায় ৷ প্ৰচণ্ড বজ্ৰপাত আৰু ধুমুহাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বালিভৰ্তি নাঁওখনৰ আৰোহীয়ে নদীত জঁপিয়াই নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ প্ৰত্যক্ষদৰ্শীৰ মতে, নাঁওখন আৰাৰ হালধি ছপ্ৰা ঘাটৰ পৰা ডৰিগঞ্জৰ মেহৰৌলী ঘাটঅভিমুখে আহি আছিল ৷ আনহাতে, ঘটনাটোত কোনো লোক হতাহত হোৱাৰ বিষয়ে জানিব পৰা হোৱা নাই ৷
Last Updated : Jun 19, 2021, 12:57 PM IST