অসম

assam

ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণ কাৰ্যত ব্যাপক অনিয়মৰ অভিযোগ

By

Published : Apr 2, 2022, 8:19 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

অতি নিম্ন মানদণ্ডৰে চলিছে ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণ কাৰ্য (alleged Corruption in construction of Dhodar Ali ) ৷ নিৰ্মাণৰ বেছিদিন নহওঁতেই চপৰা চপৰে এৰিলে ধোদৰ আলিৰ ব্লেকটেপিং ৷ লোকনিৰ্মাণ বিভাগৰ নকচাৰী গ্ৰাম্য পথ সংমণ্ডলৰ তত্বাবধানত মাছখোৱাৰ পৰা চেলেংহাটৰ জাঁজী দলঙৰ সমীপলৈকে 15 কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰিছে বুলি অভিযোগ কৰিছে ৰাইজে। উল্লেখ যে, মৰিয়নী সমষ্টিৰ উপ- নিৰ্বাচনৰ আগতে জৰাজীৰ্ণ ধোদৰ আলিৰ পুনৰ নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিয়নীবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতিমৰ্মে 2021 চনৰ 14 ছেপ্টেম্বৰত বিধ্বস্ত ধোদৰ আলিৰ পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰি আধাৰশিলা স্থাপন কৰিছিল ৰাজ্যৰ মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika)।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

...view details