অসম

assam

By

Published : Mar 9, 2022, 4:32 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

ETV Bharat / videos

Municipal Election 2022: প্ৰস্তুতি ফুকন গগৈয়ে সন্মান ৰক্ষা কৰিলে লুৰীণজ্যোতি গগৈৰ

ডিব্ৰুগড় জিলাৰ মুঠ চাৰিখন পৌৰসভাৰ নিৰ্বাচন(Municipal Election 2022)ত বিজেপি দলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ল । ইয়াৰ মাজতে নামৰূপৰ ৯ নং ৱাৰ্ডত প্ৰস্তুতি ফুকন গগৈয়ে সন্মান ৰক্ষা কৰিলে লুৰীণজ্যোতি গগৈৰ (AJP candidate won in municipal election) । ডিব্ৰুগড় জিলাত মুঠ চাৰিখন পৌৰসভাৰ বহুকেইটা ৱাৰ্ডত অসম জাতীয় পৰিষদে প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল যদিও নামৰূপৰ ৯ নং ৱাৰ্ডৰ প্ৰাৰ্থী প্ৰস্তুতি ফুকন গগৈয়েহে জয়লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ পাছতে অসম জাতীয় পৰিষদৰ কৰ্মীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে । উল্লেখ্যযোগ্য যে, সৰ্বমুঠ ১৫৪৮৩ টা ভোট থকা নামৰূপ পৌৰসভাত 10 টা ৱাৰ্ডৰ ভিতৰত বিজেপি দলে লাভ কৰে ৭ খন আসন, মিত্ৰজোঁট অগপই লাভ কৰে দুখন আসন, অসম জাতীয় পৰিষদে লাভ কৰে এখন আসন, কংগ্ৰেছ দলে এখনো আখন লাভ কৰিবলৈ সক্ষম নহ'ল ।
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

...view details