অসম

assam

ETV Bharat / videos

হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্রীৰ চকীখনৰ সন্মান ৰক্ষা কৰিব লাগে: জিতেন্দ্ৰ সিং - নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক

By

Published : Mar 27, 2022, 10:22 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে সংখ্যাৰ ফালৰ বিৰোধীৰ জয় এশ শতাংশ নিশ্চিত । এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ । দেওবাৰে গুৱাহাটীত উপস্থিত হোৱা তত্বাৱধায়কগৰাকীয়ে সাংবাদিকৰ আগত ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত এইদৰে কয় (AICC Secretary Jitendra Singh in Guwahati) । ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীৰ ভোট লাভ কৰিব বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, হিমন্ত বিশ্ব শৰ্মাই গোটেই জীৱন এই কামেই কৰিলে (Jitendra Singh criticises Assam CM Himanta Biswa Sarma )। কিদৰে বিভাজন আনিব পাৰি, কি দৰে অপপ্ৰচাৰ কৰিব পাৰি তথা কিদৰে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰি সেই কাম হিমন্ত বিশ্ব শৰ্মাই ভালদৰে জানে । এইক্ষেত্ৰত তেওঁ হিমন্ত বিশ্ব শৰ্মাক 'ৰজা' আখ্যা দিয়ে । মুখ্যমন্ত্ৰীয়ে এনেবোৰ কাম কৰিলে শোভা নাপায় বুলি সদৰি কৰি তেওঁ কয় যে, হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ চকীখনৰ সন্মান ৰক্ষা কৰিব লাগে । কংগ্ৰেছৰ বিধায়কসকল লোভ-মোহৰ দ্বাৰা প্ৰলোভিত নহয় বুলি তেওঁ দৃঢ়তাৰে উল্লেখ কৰে । বদৰুদ্দিন আজমলৰ প্ৰসংগত তেওঁ কয় যে, আজমলে নিজৰ দলৰ কথা ক'ব পাৰে, কংগ্ৰেছৰ কথা ক'বলৈ কংগ্ৰেছৰ নেতা আছে ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

...view details