অসম

assam

ETV Bharat / sukhibhava

World Photography Day 2023: বিশ্বৰ প্ৰথমখন ফটো তোলাৰ বাবে কিমান সময়ৰ প্ৰয়োজন হৈছিল জানেনে ? - বিশ্ব ফটোগ্ৰাফী দিৱসৰ উদ্ধৃতি

ফটোৰ গুৰুত্ব সকলোৰে জীৱনত অতি বিশেষ । কাৰণ ফটোগ্ৰাফেই হৈছে সেই মাধ্যম যাৰ জৰিয়তে আমি আমাৰ ইতিহাসত উকি মাৰিব পাৰো । এই কাৰণেই প্ৰতিবছৰে ১৯ আগষ্টত বিশ্ব ফটোগ্ৰাফী দিৱস পালন কৰি ফটোগ্ৰাফী কলাক প্ৰচাৰ কৰা হয় । ইয়াৰ উদ্দেশ্যে তথা ইতিহাসৰ বিষয়ে জানো আহক...

World Photography Day 2023
বিশ্বৰ প্ৰথমখন ফটো তোলাৰ বাবে কিমান সময়ৰ প্ৰয়োজন হৈছিল জানেনে

By

Published : Aug 19, 2023, 10:37 AM IST

সকলোৰে জীৱনত ফটো অতি গুৰুত্বপূৰ্ণ । মানুহে তেওঁলোকৰ ইতিহাস কেৱল ফটোৰ জৰিয়তেহে দেখি আহিছে আৰু বুজি পাইছে । ফটোগ্ৰাফৰ এই গুৰুত্ব বুজাবলৈ প্ৰতি বছৰে ১৯ আগষ্ট তাৰিখে বিশ্ব ফটোগ্ৰাফী দিৱস পালন কৰা হয় ।

সাধাৰণতে ফটো সকলোৰে বাবে জীৱনৰ বাবে বিশেষ কাৰণ ইয়াৰ দ্বাৰা প্ৰত্যেকগৰাকী ব্যক্তিৰ জীৱনৰ সৈতে জড়িত অতীতৰ মুহূৰ্তবোৰ পুনৰ জীয়াৰ সুযোগ লাভ কৰা হয় । কিন্তু পৃথিৱীৰ ইতিহাসত ফটোৰ গুৰুত্বও বুজিব লাগিব । কাৰণ ইতিহাসৰ পৃষ্ঠাত যি লিপিৱদ্ধ কৰা হৈছে সেয়া কেৱল ফটোগ্ৰাফৰ জৰিয়তেহে জনা যায় । সেয়ে আজি বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে প্ৰথমে ইয়াৰ ইতিহাস সম্পৰ্কে জানো আহক...

বিশ্ব ফটোগ্ৰাফী দিৱসৰ ইতিহাস

বিশ্ব ফটোগ্ৰাফী দিৱসৰ ইতিহাস

ফটোগ্ৰাফীৰ জৰিয়তে সকলোৰে ইতিহাস সংৰক্ষণ কৰা ফটোগ্ৰাফীৰ ইতিহাস বহুত পুৰণি । উল্লেখ্য যে, ১৮৩৭ চনত পোন প্ৰথমে ফ্ৰান্সত বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন আৰম্ভ হৈছিল । ফ্ৰান্সৰ জোচেফ নাইচেফোৰ আৰু লুই ডগাৰে ১৯ আগষ্টৰ পৰা এই দিনটো আৰম্ভ কৰিছিল । ইয়াৰ পিছতে তাত তেতিয়াৰ চৰকাৰে এই দিৱস উদযাপন কৰাৰ কথা ঘোষণা কৰিছিল । তেতিয়াৰ পৰাই প্ৰতি বছৰে ১৯ আগষ্টত বিশ্ব ফটোগ্ৰাফী দিৱস পালন কৰা হয় ।

বিশ্বৰ প্ৰথমখন ছবি তুলিবলৈ লাগিছিল ইমান সময়

বিশ্বৰ প্ৰথমখন ছবি তুলিবলৈ লাগিছিল ইমান সময়

আজিৰ যুগত ফটোগ্ৰাফাৰসকলে ফটো তুলিবলৈ এটাতকৈ অধিক শেহতীয়া প্ৰযুক্তিৰ কেমেৰা ব্যৱহাৰ কৰে । গতিকে যিকোনো মুহূৰ্তক চেকেণ্ডতে বন্দী কৰিব পৰাকৈ সকলোৰে হাতত এটা স্মাৰ্ট ফোন আছে । কিন্তু আপুনি জানেনে বিশ্বৰ প্ৰথমখন ছবিখন তোলাৰ সময়ত কিমান সময়ৰ প্ৰয়োজন হৈছিল ? উল্লেখ্য যে, ১৮৩৯ চনত ৰবাৰ্ট কৰ্ণেলিয়াছ নামৰ এজন ব্যক্তিয়ে ফিলাডেলফিয়াত থকা পিতৃৰ দোকানখনৰ ফটো তুলিবলৈ কেমেৰা স্থাপন কৰিছিল আৰু তাৰ পিছত ছবিখনত ক্লিক কৰিছিল । তাৰ পিছত প্ৰায় ৩ মিনিটমান ফটো তোলাৰ পিছত প’ৰ্ট্ৰেইট ছবিখন ওলাই আহিল ।

বিশ্ব ফটোগ্ৰাফী দিৱসৰ উদ্দেশ্য

বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপনৰ উদ্দেশ্য হৈছে ফটোগ্ৰাফী কলাক প্ৰচাৰ কৰা । এই কাৰণে এই দিনটোত বিভিন্ন স্থানত বহু ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু ফটো প্ৰদৰ্শনীৰো আয়োজন কৰা হয় । যাৰ জৰিয়তে দেশৰ বিখ্যাত ফটোগ্ৰাফাৰসকলে ক্লিক কৰা বিৰল ফটো প্ৰদৰ্শিত কৰিব পৰা যায় ।

বিশ্ব ফটোগ্ৰাফী দিৱসৰ উদ্দেশ্য

বিশ্ব ফটোগ্ৰাফী দিৱসৰ থিম

বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে সমগ্ৰ দেশতে কাৰ্যসূচীৰ আয়োজন কৰা হয় । প্ৰতি বছৰে তেওঁলোকৰ বাবে এটা থিম নিৰ্ধাৰণ কৰা হয় । এইবাৰ ২০২৩ চনৰ বিশ্ব ফটোগ্ৰাফী দিৱসৰ বাবে ‘লেণ্ডস্কেপ’ থিম নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক:Tea side effects: আপোনাৰো আছে নেকি দৈনিক চাহ খোৱাৰ অভ্যাস ? তেন্তে হৈ যাওক সাৱধান!

ABOUT THE AUTHOR

...view details