আমি খাদ্য খোৱাৰ লগে লগে আমাৰ শৰীৰত ব্লাড চুগাৰৰ মাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে । কাৰণ আমাৰ তেজত গ্লুক’জ নামৰ এটা সাধাৰণ চুগাৰ জমা হ’বলৈ আৰম্ভ কৰে । যিসকল লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত, তেওঁলোকৰ শৰীৰত হঠাতে ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি পায়, কাৰণ তেওঁলোকৰ শৰীৰে গ্লুক’জ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম নহয়(sugar level starts increasing immediately after eating food) ।
শৰীৰে কিছুমান বিশেষ খাদ্য হজম কৰি ব্লাড চুগাৰ তৈয়াৰ কৰে, যিবোৰে তেজত পৰিভ্ৰমণ কৰে । শক্তিৰ বাবে তেজৰ শৰ্কৰা ব্যৱহাৰ কৰা হয় । যদি শৰীৰক লগে লগে শক্তিৰ প্ৰয়োজন নহয়, তেন্তে সেই চুগাৰ পিছলৈ ব্যৱহাৰৰ বাবে কোষত জমা হৈ থাকে । কিন্তু বিশেষজ্ঞসকলৰ মতে তেজত অতিৰিক্ত চুগাৰ জমা হোৱাৰ ফলত ক্ষতিসাধন হ’ব পাৰে, যাৰ ফলত হৃদযন্ত্ৰ, বৃক্ক, চকু, ৰক্তবাহী নলী আদি বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে ।
হাইপাৰগ্লাইচেমিয়াৰ লক্ষণসমূহ সাধাৰণতে আৰম্ভ হয় যেতিয়া আপোনাৰ তেজৰ গ্লুক’জ প্ৰতি ডেচিলিটাৰত ২৫০ মিলিগ্ৰাম (মিলিগ্ৰাম/ডেচিলিটাৰ)ৰ ওপৰত বৃদ্ধি পায় । সময়মতে চিকিৎসা নকৰিলে এই লক্ষণবোৰ অতি গম্ভীৰ হ'বলৈ ধৰে(How to manage high blood sugar) ।
হাই ব্লাড চুগাৰৰ লক্ষণসমূহ কি কি ?(Symptoms of high blood sugar)
হাই ব্লাড চুগাৰৰ প্ৰাৰম্ভিক লক্ষণ অৰ্থাৎ হাইপাৰগ্লাইচেমিয়া চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ(Symptoms of high blood sugar) । আগতীয়াকৈ চিকিৎসা কৰিলে অংগ-প্ৰত্যংগৰ কোনোধৰণৰ ক্ষতি নহয় ।
- অত্যধিক পিয়াঁহ
- মুখ অত্যধিক শুকান হোৱা
- সঘনাই প্ৰস্ৰাৱ কৰা
- অস্পষ্ট দৃষ্টিশক্তি
- সঘনাই মূৰৰ বিষ
ব্লাড চুগাৰ বেছি হ’লে কেনেকৈ মেনেজ কৰিব ?(How to manage high blood sugar)
চিকিৎসকৰ মতে, তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে কিছুমান ক্ষেত্ৰত যত্ন লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে: