অসম

assam

ETV Bharat / sukhibhava

Diwali 2023: দীপাৱলীৰ সময়ত কিয় কৰা হয় লক্ষ্মী দেৱীৰ পূজা ? - Diwali Shubh Muhurat

দীপাৱলী কিয় পালন কৰা হয় ? দীপাৱলীৰ সময়ত কিয় লক্ষ্মীপূজা কৰা হয় ? এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ।

Diwali Ritual
দীপাৱলীৰ সময়ত কিয় কৰা হয় লক্ষ্মী দেৱীৰ পূজা ?

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 5:33 PM IST

জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱা

সমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ মাজত মাথোঁ এটা দিন বাকী ৷ লোক বিশ্বাস অনুসৰি ৰামচন্দ্ৰই ৰাৱণবধ কৰি যি দিনা অযোধ্যালৈ উভতি আহিছিল, সেইদিনা ভগৱান ৰামচন্দ্ৰক আদৰণি জনাবলৈ দীপাৱলী উৎসৱৰ আৰম্ভণি হৈছিল ৷ ইফালে সমুদ্ৰ মন্থনৰ সময়ত দীপাৱলীৰ দিনাখনেই মা লক্ষ্মীৰ সমুদ্ৰ মন্থনৰ পৰা আবিৰ্ভাৱ হৈছিল আৰু একেদিনা মা লক্ষ্মীয়ে ভগৱান বিষ্ণুৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল ৷

দীপাৱলীৰ সময়ছোৱাত কালী পূজাও কৰা হয় ৷ কালী পূজাত দৰাচলতে বছৰৰ প্ৰতিটো অমাৱস্যা তিথিতে কালীপূজা কৰা হয় ৷ দীপাৱলীৰ দিনাও যিহেতু অমাৱস্যা থাকে সেয়ে সেইদিনাও কালী পূজা কৰা হয় ৷ জ্যোতিষ শাস্ত্ৰ অনুযায়ী যদিহে কাৰোবাৰ ঘৰত সন্তানে কথা নুশুনা হয়, জেদ বেছি হয় তেন্তে মা কালীৰ চৰণত বা পূজাত ৰঙা জবাৰ মালা দিব পাৰে ৷ লগতেই ঘিউৰ চাকি, সেন্দুৰ, বস্ত্ৰ প্ৰদান কৰিব পাৰে ৷ দীপাৱলীৰ এই সময়ছোৱাত মা লক্ষ্মীৰো পূজা কৰা হয় ৷ দীপাৱলীৰ দিনটোত লক্ষ্মী পূজা কৰিলে গোটেই বছৰটোৱে ধনে ধান্যে পৰিপূৰ্ণ হৈ থাকে বুলি কোৱা হয় ৷

লক্ষ্মী পূজাৰ লগতেই গণেশ, নাৰায়ণ আৰু সৰস্বতী পূজা কৰাটো উচিত ৷ গণেশ দেৱতাক উপাৰ্জনৰ ক্ষেত্ৰত বাধা নাশৰ বাবে গণেশ দেৱতাক পূজা কৰা হয় ৷ উপাৰ্জনৰ ভাৰসাম্যৰ বাবে নাৰায়ণ দেৱতাক পূজা কৰা হয় ৷ জ্ঞানৰ বাবে অৰ্থাৎ উপাৰ্জিত ধন কত খৰছ কৰিছো যদি তাৰ যদি আমাৰ জ্ঞান নাথাকে তেতিয়া ধনৰ অপচয় হ'ব পাৰে সেয়ে সৰস্বতী পূজা কৰা হয় ৷ধনতেৰচৰ পৰা দীপাৱলী সময়ছোৱাত যদি আমি গোটেই কেইগৰাকী দেৱ দেৱতাৰ পূজা কৰিব পাৰো তেন্তে ধনে ধান্যৰে পৰিপূৰ্ণতা থকা হয় বুলি কোৱা হয় ৷

এই সময়ছোৱাত কড়ি পূজা, হালধি পূজা, কৰিব পাৰে ৷ আৰু এই গোটেই সামগ্ৰী পূজা কৰি কেচবক্সত থব পাৰে ৷ যিখিনি সময়ত মা লক্ষ্মীৰ পূজা কৰিব, সেই সময়ত মাৰ চৰণত ঘিউ চাকি জ্বলাই, তাত সৰুকৈ এটা হালধীয়া কড়ি দি থব পাৰে আৰু চাকিগছ যেতিয়া নুমালে কড়িটো মানিবেগত ভৰাই থব পাৰে ৷

লগতে পঢ়ক:Dhanteras Ritual: ধনতেৰচত কি নিয়ম পালন কৰিলে শুভফল লাভ কৰিব আপুনি ?

ABOUT THE AUTHOR

...view details