অসম

assam

ETV Bharat / sukhibhava

পুৰুষতকৈ বেছি ঠাণ্ডা অনুভৱ কৰে মহিলাই, ইয়াৰ আঁৰত আছে ৩টা ডাঙৰ কাৰণ - মহিলাৰ ঠাণ্ডা বেছি

Women feel colder than men: শীতকালত মহিলাসকলে পুৰুষতকৈ বেছি ঠাণ্ডা অনুভৱ কৰে । কিন্তু কিয় তেনেকুৱা হয় জানেনে ? ইয়াৰ আঁৰত আছে তিনিটা কাৰণ ৷ জানো আহক সেই কাৰণবোৰ কি কি ?

Why do women generally feel colder than men?
শীতকালত মহিলাসকলে পুৰুষতকৈ বেছি ঠাণ্ডা অনুভৱ কৰে

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 1:08 PM IST

ঘৰতেই হওক বা অফিচতেই হওক, আপুনি হয়তো প্ৰায়ে দেখিছে পুৰুষতকৈ মহিলাৰ ঠাণ্ডা বেছি লাগে ৷ শীতকাল অহাৰ লগে লগে মহিলা বা ছোৱালীৰ অসুবিধাও বাঢ়ি যায় । গৰম কাপোৰ পৰিধান কৰিলেও ঠাণ্ডাত কঁপি থাকে মহিলাসকল ৷ অৱশ্যে এই ক্ষেত্ৰত যদি আমি তুলনা কৰো তেন্তে আপুনি হয়তো দেখিছে পুৰুষে মহিলাতকৈ কম কাপোৰ পিন্ধে, অথচ তেওঁলোকৰ ঠাণ্ডাও কম লাগে ৷ কিন্তু কেতিয়াবা আপুনি ভাবিছে এনেকুৱা কিয় হয় ? পুৰুষতকৈ মহিলাসকলে কিয় বেছি ঠাণ্ডা অনুভৱ কৰে জানেনে ? চিকিৎসকে কয় যে ইয়াৰ আঁৰত আছে মূল তিনিটা কাৰণ, যাৰ বাবে মহিলাসকলে অধিক ঠাণ্ডা অনুভৱ কৰে ।

মহিলাসকলে কিয় বেছি ঠাণ্ডা অনুভৱ কৰে ?

পেশীৰ ভৰ হ্ৰাস- মহিলাৰ শৰীৰত পুৰুষৰ তুলনাত পেশী কম থাকে, যাৰ বাবে তেওঁলোকে অধিক ঠাণ্ডা অনুভৱ কৰে । পেশী কম হোৱাৰ বাবে ছোৱালীৰ শৰীৰত ল’ৰাতকৈ কম তাপ উৎপন্ন হয় । যাৰ বাবে অধিক ঠাণ্ডা অনুভৱ কৰে । মহিলাৰ শৰীৰতকৈ পুৰুষৰ শৰীৰত ৬-১১ শতাংশ বেছি চৰ্বি থাকে । যাৰ বাবে পুৰুষৰ শৰীৰটো উষ্ণ হৈ থাকে ।

বিপাকীয় ক্ৰিয়াৰ হাৰ কম- মহিলাৰ বিপাকীয় ক্ৰিয়াৰ হাৰ পুৰুষতকৈ কম, যাৰ বাবে তেওঁলোকে অধিক ঠাণ্ডা অনুভৱ কৰে । লেহেমীয়া বিপাকীয় ক্ৰিয়া থকা লোকে কম তাপ উৎপন্ন কৰে । আনহাতে পুৰুষৰ বিপাকীয় হাৰ অতি ভাল, যিয়ে তেওঁলোকৰ শৰীৰক গৰম কৰি ৰাখে ।

প্ৰজেষ্টেৰন হৰম’ন-মহিলাৰ শৰীৰত প্ৰজেষ্টেৰন হৰম’ন অধিক উৎপন্ন হয় যাৰ বাবে তেওঁলোকে অধিক ঠাণ্ডা অনুভৱ কৰে । ইয়াৰ বাবে ছালৰ ৰক্তবাহী নলীবোৰ সংকোচিত হয় । শৰীৰৰ কিছুমান অংশলৈ তেজ সঠিকভাৱে প্ৰবাহিত নহয় যাৰ বাবে অধিক ঠাণ্ডা অনুভৱ কৰে । এই হৰম’নে শৰীৰত কম তাপ উৎপন্ন কৰে যদিও মাহেকীয়া আৰু গৰ্ভাৱস্থা সুস্থ কৰি ৰখাত সহায় কৰে ।

ঠাণ্ডা দিনত শৰীৰটো কেনেকৈ গৰম কৰি ৰাখিব ?

ভালদৰে সাজ-পোছাক পৰিধান কৰিব আৰু কেইবা তৰপ থকা গৰম কাপোৰ পৰিধান কৰিব ।

প্ৰতিদিনে কমেও আধা ঘণ্টা ৰ’দত বহিব ৷

কেৱল গৰম খাদ্য আৰু গৰম পানীহে সেৱন কৰিব ৷

দৈনিক কমেও ৩০ মিনিট ব্যায়াম কৰিব ৷

ভিটামিন বি ১২ সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব ৷

শৰীৰত আইৰণৰ অভাৱ দূৰ কৰিব ৷

শীতকালত গৰম তেলেৰে শৰীৰ মালিচ কৰিব ৷

লগতে পঢ়ক:আপোনাৰ মাজনিশা চাহ খোৱাৰ অভ্যাস আছে নেকি ?

ABOUT THE AUTHOR

...view details