অসম

assam

ETV Bharat / sukhibhava

Health Tips: ফল-মূল, সতেজ শাক-পাচলি স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী ? ডায়েটিচিয়ান চিকিৎসক ডাঃ মেঘনা ডেকাৰ পৰা জানি লওক - What kind of food we should eat in summer

বৰ্তমানৰ সময়চোৱাত প্ৰায় ভাগলোকেই গ্ৰহণ কৰে ৰেডি- টু-ইট' আৰু 'ফাষ্টফুড জাতীয় খাদ্য । এনেবোৰ খাদ্য আচলতে আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী ? জনালে ডায়েটিচিয়ান চিকিৎসক ডাঃ মেঘনা ডেকাই ।

Health Care
গৰমৰ সময়ছোৱাত আমি কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে

By

Published : Jul 25, 2023, 8:53 PM IST

Updated : Jul 26, 2023, 11:15 AM IST

গৰমৰ সময়ছোৱাত আমি কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে

গ্ৰীষ্মকালীন বতৰত আপুনি আপোনাৰ খাদ্যাভ্যাসত কিছু পৰিৱৰ্তন কৰাটো উচিত । গ্ৰীষ্মকালত গ্ৰহণ কৰা খাদ্য-পানীয়ই স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় আৰু অলপ অসাৱধানতাই আপোনাক অসুস্থ কৰি তুলিব পাৰে । এই বতৰত বেছিভাগ মানুহৰে ডিহাইড্ৰেচন আৰু ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হয় । সেয়ে এই সময়ছোৱাত আপুনি সুস্থ হৈ থাকিব বাবে আপোনাৰ শৰীৰটো হাইড্ৰেটেড কৰি ৰখাটো খুবেই প্ৰয়োজনীয় । শৰীৰটো হাইড্ৰেটেড কৰি ৰাখিবলৈ হলে সময়ে সময়ে পানী খাই থাকিব লাগে। তাৰ উপৰিও নাৰিকলৰ পানী, ফল-মূলৰ ৰস আদি খাই থাকিব লাগে । ইয়াৰোপৰি ORSL বা ইলেক'ট্ৰল পানীৰ সৈতে মিহলাই খাই থাকিব লাগে । সতেজ শাক-পাচলি, ফল-মূল খাব লাগে ।

তৰমুজ স্বাস্থ্যৰ বাবে কিমান উপকাৰী

গৰমৰ সময়চোৱাত তৰমুজ স্বাস্থ্যৰ বাবে অতি উপকাৰী । যিহেতু তৰমুজত প্ৰচুৰ পৰিমাণৰ ৰস থাকে । তৰমুজৰ ৰসে আমাৰ শৰীৰ ডিহাইড্ৰেটেড হোৱাত সহায় কৰে । শৰীৰৰ পৰা ওলোৱা ঘামৰ দ্বাৰা যি ছডিয়াম বাহিৰ হৈ যায়, সেয়া পৰিপূৰনা কৰিবলৈ তৰমুজে সহায় কৰে ।

'ৰেডি- টু-ইট' খাদ্য আৰু 'ফাষ্টফুড ' স্বাস্থ্যৰ বাবে কিমান অপকাৰী

চিকিৎসক ডাঃ মেঘনা ডেকাই কয় যে, সাধাৰণতে ৰেষ্টুৰেন্টত উপলব্ধ খাদ্যসমূহ কিমান দিন পুৰণি তেল বা কেনে তেলত প্ৰস্তুত কৰা হৈছে সেয়া গম পোৱা নাযায় । লগতেই এনেধৰণৰ খাদ্যত ব্যৱহৃত হোৱা আজিনোমোটো স্বাস্থ্যৰ পক্ষে যথেষ্ট ক্ষতিকাৰক । এনে ধৰণৰ খাদ্য গ্ৰহণ কৰিলে বিভিন্ন ধৰণৰ ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । সেয়েহে পৰাপক্ষত আমি সুষম আহাৰ বা পুষ্টিকৰ আহাৰ হে গ্ৰহণ কৰাটো উচিত ৷

ভাইৰেল জ্বৰ হৈ থাকিলে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে

জ্বৰ হৈ থাকিলে বহুলোকৰ প্ৰায় মুখৰ ৰুচি নোহোৱা হৈ যায় । সেয়েহে পুৱা নেমুৰ ৰস খাব লাগে । নেমুৰ ৰস কিন্তু কেতিয়াও খালী পেটত খাব নালাগে । পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত নেমু ৰস খাব লাগে । লগতে ফল-মূল খাব লাগে ।

ড্ৰাই ফ্ৰুইটছ দৈনিক কেনেধৰণে খাব লাগে

ড্ৰাই ফ্ৰুইটছে পেট চাফা কৰাত সহায় কৰে । ড্ৰাই ফ্ৰুইটছ সদায় পানীত তিয়াই খাব লাগে । নিশা কুহুমীয় গৰম পানীত আলমণ্ড ৪-৫ টা তিয়াই থৈ পুৱাৰ ভাগত খাব লাগে ।

লগতে পঢ়ক:Viral Fever: ভাইৰেল জ্বৰৰ লক্ষণ তথা ইয়াৰ প্ৰতিকাৰৰ বিধান জানো আহক জ্যেষ্ঠ চিকিৎসক ডাঃ জয়ন্ত প্ৰকাশ শৰ্মাৰ পৰা

Last Updated : Jul 26, 2023, 11:15 AM IST

ABOUT THE AUTHOR

...view details