অসম

assam

By

Published : Aug 4, 2023, 1:37 PM IST

ETV Bharat / sukhibhava

Robotic Surgery: ৰবটিক অস্ত্ৰোপচাৰ সন্দৰ্ভত জ্যেষ্ঠ শল্য চিকিৎসক ডাঃ সুভাষ খান্নাৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ৰবটিক অস্ত্ৰোপচাৰ কিমান সুৰক্ষিত ? কেনেদৰে সম্পন্ন হয় এই ৰবটিক অস্ত্ৰোপচাৰ । জনালে জ্যেষ্ঠ শল্য চিকিৎসক ডাঃ সুভাষ খান্নাই ।

what is robotic surgery let's know from Gastrointestinal surgeon Dr Subhash Khanna
ৰবটিক অস্ত্ৰোপচাৰ কি ? জ্যেষ্ঠ শল্য চিকিৎসক ডাঃ সুভাষ খান্নাৰ পৰা জানো আহক

ৰবটিক অস্ত্ৰোপচাৰ কি ? জ্যেষ্ঠ শল্য চিকিৎসক ডাঃ সুভাষ খান্নাৰ পৰা জানো আহক

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে চিকিৎসা বিজ্ঞানক এক নতুন মাত্ৰা প্ৰদান কৰিছে । অস্ত্ৰোপচাৰৰ ক্ষেত্ৰতো ৰাবটিক অস্ত্রোপচাৰে এক অন্য মাত্ৰা প্ৰদান কৰিছে । বৰ্তমান সময়তচোৱাত চিকিৎসা বিজ্ঞানত ৰবটিক অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে । বিশ্ব বহু দেশতেই এতিয়া জনপ্ৰিয় হৈ পৰিছে ৰবটিক অস্ত্ৰোপচাৰৰ । কিন্তু অসমত বৰ্তমানলৈকে ৰবটৰ দ্বাৰা অস্ত্ৰোপচাৰ প্রয়োজনীয় আন্তঃগাঁথনিৰ লগতে প্ৰশিক্ষণৰ বাবে এই ব্যৱস্থা সীমিত হৈ আছে । প্ৰায় দুই আঢ়ৈ বছৰপূৰ্বে অসমত আৰম্ভ হৈছিল ৰবটিক চাৰ্জাৰী ।

ৰবটিক অস্ত্ৰোপচাৰ কেনেদৰে কৰা হয়

ৰবটিক অস্ত্ৰোপচাৰত ৰবট হ’ল চিকিৎসক আৰু ৰোগীগৰাকীৰ মাজৰ এটা যন্ত্ৰ । ছার্জিকেল ৰবটৰ দ্বাৰা সম্পন্ন কৰা অস্ত্ৰোপচাৰকেই সহজ অৰ্থত ৰবটিক ছাৰ্জাৰী বুলি কোৱা হয় । ৰবটে চিকিৎসকগৰাকীৰ হাত শক্তিশালী কৰাৰ লগতেই হাতৰ গতি বঢ়ায় । এগৰাকী চিকিৎসকে অস্ত্ৰোপচাৰ কৰোতে যিমান গতিত কার্য সম্পাদন কৰিব পাৰে তাৰ গতি বঢ়ায় । যদিহে অস্ত্ৰোপচাৰৰ সময় চিকিৎসকগৰাকীৰ হাত কঁপে সেয়া ৰবটে নোহোৱা কৰি দিবলৈ সক্ষম ।

অস্ত্ৰোপচাৰৰ সময়ত কৰা চিলাই সমূহো চিকিৎসকগৰাকীৰ হাত ব্যৱহাৰ নকৰাকৈয়ে ৰবটে কৰি দিয়ে । ৰবটি অস্ত্ৰৰে চিকিৎসকগৰাকীয়ে ৰোগীৰ দেহৰ অংশ কাটি অস্ত্ৰোপচাৰ কৰিব পাৰে । লগতে চিকিৎসকগৰাকী বহিয়ে ৰবটৰ দ্বাৰ অস্ত্ৰোপচাৰ কৰিব পাৰে । 3D স্কীৰ্নৰ সহায়ত এই পদ্ধতিৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় । প্রতি ছেকেণ্ডত ১১০০ গুণ বেছি দ্রুত গতিত কার্য সম্পাদন কৰিব পৰা ক্ষমতা আছে ৰবটৰ হাত দুখনৰ । ৰবটৰ দ্বাৰা ৭ ডিগ্ৰী অফ মভমেণ্ট কৰিব পাৰি ।

সাধাৰণ চাৰ্জাৰী আৰু ৰবটিক চাৰ্জাৰীৰ মাজত পাৰ্থক্য কি ?

সাধাৰণভাৱে যেতিয়া অস্ত্ৰোপচাৰ কৰা হয় তেতিয়া অস্ত্ৰোপচাৰ নির্দিষ্ট ঠাইত ছালখন বহলকৈ কাটি কার্য সম্পন্ন কৰা হয় । কিন্তু ৰবটিক অস্ত্ৰোপচাৰত সামান্য বিন্ধা কৰিয়েই অস্ত্ৰোপচাৰ কৰাটো সম্ভব হৈ পৰে । সাধাৰণ অস্ত্ৰোপচাৰত ৰোগীগৰাকীৰ শৰীৰৰ অংশ যেনেদৰে বুক, পেট, ডিঙি আদিত বেছিকৈ কাটিবলগীয়া হ'লে কেতিয়াবা জটিল পৰিস্থিতিৰো সন্মুখীন হ’বলগীয়া হয় কিন্তু এইধৰণৰ অস্ত্ৰোপচাৰত এনে সমস্যা নহয় ।

উল্লেখযোগ্য যে, ৰবটিক চাৰ্জাৰীৰ যি পদ্ধতি বাবে ব্যৱহাৰ যি যন্ত্ৰ সেয়া বহু ব্যয়বহুল হয় ৷

লগতে পঢ়ক:World Organ Donation Day 2023: আপোনাৰ অংগদানৰে দিব পাৰে এটা নতুন জীৱন, অংগদান সম্পৰ্কে জনালে জ্যেষ্ঠ চিকিৎসক ডাঃ সুভাষ খান্নাই

ABOUT THE AUTHOR

...view details