অসম

assam

ETV Bharat / sukhibhava

ৰেইকী কি ? ৰেইকীৰ দ্বাৰা কেনেদৰে হিলিং কৰা হয় জানো আহক - ৰেইকী

Reiki: ৰেইকী কি ? ৰেইকীৰ দ্বাৰা কেনেদৰে হিলিং কৰা হয় ? ৰেইকী দ্বাৰা কেনেদৰে কোনো ৰোগৰ চিকিৎসা কৰা হয়? এই সম্পৰ্কে জনালে ৰেইকীৰ গ্ৰেণ্ড মাষ্টাৰ পূৱালী বৰুৱাই ৷

what-is-reiki-lets-learn-how-to-do-healing-with-reiki
ৰেইকী কি ? ৰেইকীৰ দ্বাৰা কেনেদৰে হিলিং কৰা হয় জানো আহক

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 9:36 PM IST

ৰেইকীৰ গ্ৰেণ্ড মাষ্টাৰ পূৱালী বৰুৱা

গুৱাহাটী, 26 ডিচেম্বৰ: ৰেইকী ৷ বৰ্তমান সময়ছোৱাত ৰেইকীয়ে বিশেষ ভাবে বিশ্বজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ দৰাচলতে ৰেইকী হৈছে এবিধ জাপানী চিকিৎসা পদ্ধতি‌ ৷ যি পদ্ধতিৰ দ্বাৰা শূন্যৰ পৰা শক্তি আহৰণ কৰি ৰোগীলৈ প্ৰবাহিত কৰা হয় ৷ এক কথাত ক’বলৈ গলে ৰেইকীয়ে হৈছে ‘মহাজাগতিক প্ৰাণশক্তি’ ৷

এক কথাত ক'বলৈ গ'লে ৰেইকীক এক প্ৰকাৰৰ যোগ বুলিও ক’ব পাৰি ৷ এই সন্দৰ্ভত ৰেইকীৰ গ্ৰেণ্ড মাষ্টাৰ পূৱালী বৰুৱাই বিৱৰি কয় যে, ৰেইকীয়ে মানুহক পজিটিভ হৈ থাকিবলৈ শিকায় ৷ সাধাৰণ ভাষাত ক’বলৈ গ’লে ৰেইকী প্ৰধানকৈ স্পৰ্শ কৰি ৰোগীৰ দেহৰ নিৰ্দিষ্ট ৰোগাক্ৰান্ত অংশলৈ এই ‘মহাজাগতিক প্ৰাণ শক্তি’ সঞ্চাৰিত কৰি ৰোগ নিৰ্মূল কৰাত সহায় কৰে ৷

উল্লেখযোগ্য যে মানৱ শৰীৰত সাতটা মুখ্য শক্তিকেন্দ্ৰ বা চক্ৰ থাকে ৷ এইকেইটা শৰীৰৰ কোনো নহয় কোনো গ্ৰন্থিৰ লগত সংলগ্ন‌ হৈ থাকে ৷ সেই চক্ৰবোৰৰ মাজেদিয়েই 'মহাজাগতিক শক্তি' মানৱ দেহলৈ প্ৰবাহিত হয়‌ ৷ কোৱা হয় যে, কিবা কাৰণত এই প্ৰবাহ বন্ধ হ’লেই মানুহৰ দেহত ৰোগৰ সৃষ্টি হয়‌ ৷ ৰেইকী হিলাৰ বা প্ৰশিক্ষক সকলে এই বাট সমূহ মুকলি কৰি দিলে নিজৰ হাতেৰেই মহাজাগতিক শক্তি মানৱ শৰীৰত সুমুৱাই দিয়ে‌ ৷

ৰেইকী মূলত ৫ টা ডিগ্ৰী থাকে ৷ এইকেইটা ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত ৰেকীৰ প্ৰশিক্ষক হিচাপেও কাম কৰিব পাৰে ৷

ৰেইকী হৈছে সম্পূৰ্ণ বিজ্ঞানভিত্তিক এক চিকিৎসা পদ্ধতি ৷ সত্য, নিষ্ঠা আৰু পদ্ধতিগত সাধনাৰ ফলতহে ইয়াৰ সুফল পোৱা যায় ৷ এই চিকিৎসাৰ পদ্ধতি সাধনাৰ ওপৰত নিৰ্ভৰশীল ৷ এই সাধনাই এজন ব্যক্তিক অলৌকিকতা প্ৰদান কৰিব পাৰে ৷

লগতে পঢ়ক:শীতকালত চৰ্দি-কাহৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰহণ কৰক ডালচেনি দিয়া চাহ

ABOUT THE AUTHOR

...view details