দেওবাৰেই হওক বা সোমবাৰেই হওক, প্ৰতিদিনে কণী খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে তথা এই বিষয়ে আমি সকলোৱে নিশ্চয় আমাৰ শৈশৱতে শুনিছো ৷ পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কণী স্বাস্থ্যৰ বাবে কোনো মূল্যৱান সম্পদতকৈ কম নহয় ৷ এই কাৰণেই ইয়াক পুষ্টিৰ শক্তিশালী স্থান হিচাপে গণ্য কৰা হয় ৷ ভিটামিন A, D, B12, ৰাইবোফ্লেভিন আৰু চেলেনিয়ামৰ দৰে প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থৰ উত্তম উৎস ৷
ইয়াত উপস্থিত থকা পুষ্টিকৰ উপাদানসমূহ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে হাড়ৰ স্বাস্থ্যৰ বাবেও গুৰুত্বপূৰ্ণ ৷ মানুহে ইয়াক বিভিন্ন ধৰণেৰে খাদ্যৰ অংশ কৰি তোলে ৷ কিছুমানে অমলেট বনাই খাবলৈ ভাল পায়, আন কোনোৱে ভূৰজীৰ ৰূপত খাবলৈ ভাল পায় ৷ অৱশ্যে বহুতে সিজোৱা কণী খাবলৈও ভাল পায় ৷ যদি আপুনিও সিজোৱা কণীৰ প্ৰতি আকৰ্ষিত, তেন্তে ইয়াৰ কিছুমান স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-
চকুৰ বাবে উপকাৰী
সিজোৱা কণীত লুটিন আৰু জিএক্সান্থিন নামৰ এন্টিঅক্সিডেন্ট থাকে, যি চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী ৷ ইয়াত উপস্থিত এই যৌগবোৰে বয়স বৃদ্ধিৰ লগে লগে চকুৰ সৈতে জড়িত সমস্যা যেনে কেটেৰেক্ট আদিৰ আশংকা হ্ৰাস কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও সিজোৱা কণীত থকা ভিটামিন এ চকুৰ দৃষ্টিশক্তি বৃদ্ধিত ফলপ্ৰসূ ৷
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখক
যদিও কণীৰ কুহুমত কলেষ্টেৰল পোৱা যায়, তথাপিও কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে গোটা কণী কম পৰিমাণে খালে বেছিভাগ মানুহৰে কলেষ্টেৰল বৃদ্ধি নহয় ৷ ইয়াত পোৱা উচ্চ প্ৰ’টিন আৰু ওমেগা-৩ ফেটি এচিডৰ দৰে পুষ্টিকৰ উপাদানে হৃদযন্ত্ৰক সুস্থ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ কেৱল এয়াই নহয়, সপ্তাহত সাতটা সিজোৱা কণী খালে কিছুমান প্ৰকাৰৰ ষ্ট্ৰোক প্ৰতিৰোধ কৰাৰ লগতে হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পায় ৷