বৰ্তমান সময়ত মানুহৰ খাদ্যাভ্যাস সম্পূৰ্ণৰূপে অৱনতি ঘটিছে, প্ৰায়ে মানুহে কোনবিধ খাদ্য স্বাস্থ্যকৰ আৰু কোনবিধ খাদ্য তেওঁলোকৰ বাবে অস্বাস্থ্যকৰ সেই কথা মনত ৰাখিব নোৱাৰে ৷ দৈনন্দিন জীৱনত বা পাৰ্টিত যেতিয়া আপুনি ডিঙিলৈকে তেলীয়া খাদ্য খায় তেতিয়া পেটৰ বিষ হোৱাটো অনিবাৰ্য ৷ সাধাৰণতে কোষ্ঠকাঠিন্য, গেছ, এচিডিটি আৰু পেট ফুলাৰ বাবে বহুত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ বাবে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাৰ্যকলাপ প্ৰভাৱিত হয় ৷ পেটৰ সমস্যাৰ পৰা হাত সাৰিবলৈ খাদ্য খোৱাৰ সময়ত কি কি কথা মনত ৰাখিব লাগে জানি লওক-
বদহজমৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ?
পানী খাওক
খাদ্য খোৱাৰ কিছু সময় পূৰ্বে পানী খোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, অৱশ্যে সুস্বাস্থ্যৰ বাবে সদায় হাইড্ৰেটেড হৈ থকাটো খুবেই জৰুৰী, কাৰণ এনে পৰিস্থিতিত হজমকে ধৰি শৰীৰৰ সকলো কাৰ্যই সঠিকভাৱে কাম কৰে ৷ গোটেই দিনটোত কমেও ৮ৰ পৰা ১০ গিলাচ পানী খাব লাগে বা এনে খাদ্য সামগ্ৰী খাব লাগিব য’ত পানীৰ পৰিমাণ বেছি ৷
আদা খাওক