বৰ্তমানৰ জীৱনশৈলীৰ বাবে বহু লোকে বহু ধৰণৰ ৰোগত ভুগিবলগীয়া হয় ৷ কিন্তু দৈনন্দিন কাম-কাজত কিছু সালসলনি কৰাৰ লগতে কিছু বনৌষধি গ্ৰহণ কৰিলে নিশ্চয় এই ৰোগবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷ বহুলোকে নিশ্চয় অৰ্জুন গছ দেখিছে ৷ কিন্তু ইয়াৰ ঔষধি গুণৰ বিষয়ে বহুতে অৱগত নহয় ৷ অৰ্জুনৰ বাকলিক আয়ুৰ্বেদিক ঔষধ হিচাপে দেখা যায়, যাৰ সহায়ত আপোনাৰ বহুতো স্বাস্থ্যজনিত সমস্যা নিৰাময় হয় ৷ বহু সময়ত আয়ুৰ্বেদত ইয়াক প্ৰধানকৈ কাঠৰ ৰূপত ব্যৱহাৰ কৰা হয় ৷
ইয়াৰ মূল কাৰণ হ’ল অৰ্জুনৰ বাকলি তিওৱা পানীত এন্টিঅক্সিডেন্ট থাকে, যাৰ বাবে ই বহু স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে ৷ অৰ্জুনৰ বাকলি তিওৱা পানী নিয়মিতভাৱে খালে কোনবোৰ ৫টা অলৌকিক উপকাৰিতা পাব পাৰে জানি লওক-
১) ডায়েবেটিছ নিয়ন্ত্ৰণত সহায়ক
অৰ্জুন গছৰ ছালৰ বাকলিত বিশেষ ধৰণৰ এনজাইম পোৱা যায়, যাৰ বাবে ইয়াৰ ব্যৱহাৰ ডায়েবেটিছ নিয়ন্ত্ৰণত অতি সহায়ক বুলি প্ৰমাণিত হয় ৷ অৰ্জুন গছৰ বাকলিৰ এই গুণে বৃক্ক আৰু যকৃতৰ কাৰ্য বৃদ্ধি কৰি ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে ৷
২) হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে
হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ নিয়ন্ত্ৰণ আৰু হৃদযন্ত্ৰৰ সঠিক কাম-কাজ উন্নত কৰাত অৰ্জুনৰ বাকলি উপকাৰী বুলি প্ৰমাণিত হয় ৷ এন চি বি আইৰ এন্দুৰৰ ওপৰত ভিত্তি কৰি কৰা এক পৰীক্ষাত উল্লেখ কৰা হৈছে যে অৰ্জুনৰ বাকলিত ট্ৰাইটাৰপেন’ইড নামৰ বিশেষ ৰাসায়নিক পদাৰ্থ পোৱা যায়, যাৰ বাবে অৰ্জুনৰ বাকলি হৃদৰোগত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে ৷