এই বৰ্ষ অৰ্থাৎ ২০২৩ চনক বিদায় দিবলৈ মাজত মাথো কেইদিনমান দিনহে বাকী আছে ৷ এই বছৰটো বহু কথাৰ বাবে স্মৰণীয় হৈ থাকিব ৷ এই বছৰৰ ভিতৰত বিজ্ঞান, শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত অগ্ৰগতি দেখা পোৱাৰ বিপৰীতে মানুহে স্বাস্থ্যৰ প্ৰতিও যথেষ্ট যত্ন লৈছিল ৷ কিন্তু স্বাস্থ্যৰ উপৰিও মানুহে নিজৰ ৰুচিৰ প্ৰতিও যথেষ্ট যত্ন লৈছিল ৷ হয়, এই কথা আমি কোৱা নাই ৷ এই দাবী কৰিছে ছাৰ্চ ইঞ্জিন গুগলে ৷
আচলতে বছৰৰ একাউণ্ট উপস্থাপন কৰাৰ সময়তে গ্ল’বেল চাৰ্চ ইঞ্জিন গুগলে ২০২৩ চনত সৰ্বাধিক ছাৰ্চ কৰা খাদ্যৰ তালিকা প্ৰকাশ কৰিছে ৷ ইয়াৰ বিষয়ে পঢ়ি অনুমান কৰিব পাৰি যে ৰুচিৰ লগতে মানুহে নিজৰ স্বাস্থ্যৰো যত্ন লৈছিল ৷ এই বছৰ গুগলত আটাইতকৈ বেছি কি খাদ্য ছাৰ্চ কৰা হৈছিল চাও আহক-
বাজৰা
গুগল ছাৰ্চত সৰ্বাধিক বাজৰাৰ সন্ধান কৰা হয় ৷ বেছিভাগ মানুহেই বাজৰাৰ উপকাৰিতা আৰু অপকাৰিতা আৰু ইয়াৰ পৰা তৈয়াৰী ৰেচিপিৰ বিষয়ে সন্ধান কৰিছিল ৷ আপোনালোকক জনাই দিও যে, বাজৰাত যৱ, বাজৰা, কোদৰা, ৰাগী, কুট্কি আদি শস্য পোৱা যায় ৷ জনা যায় যে পি এম মোদীয়ে বাজৰাক ‘শ্ৰী অন্ন’ বুলিও সম্বোধন কৰে ৷
এভোকাডো