অসম

assam

ETV Bharat / sukhibhava

Pregnancy Diet: গৰ্ভাৱস্থাৰ সময়ত অতি গুৰুত্বপূৰ্ণ এই উপাদানসমূহ, মাক আৰু সন্তান উভয়েই হৈ থাকিব সুস্থ

মাতৃ হোৱাটোৱেই পৃথিৱীৰ আটাইতকৈ ধুনীয়া অনুভৱ । যদিও এই যাত্ৰা কোনো মহিলাৰ বাবে সহজ নহয় । গৰ্ভাৱস্থাত মহিলাৰ শৰীৰত বহু পৰিৱৰ্তন ঘটে । পেট ওলোৱা, কঁকালৰ বিষ, প্ৰদাহ আদি বহুতো সমস্যাৰ সৃষ্টি হয় । সেইবাবেই গৰ্ভাৱস্থাত স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱা খুবেই প্ৰয়োজনীয় । এই সময়ত সুষম আহাৰ গ্ৰহণ কৰাটোও অতি প্ৰয়োজনীয় ।

These vitamins are very important in pregnancy, both mother and child will remain healthy
গৰ্ভাৱস্থাৰ সময়ত অতি গুৰুত্বপূৰ্ণ এই উপাদানসমূহ, মাক আৰু সন্তান উভয়েই হৈ থাকিব সুস্থ

By

Published : Jun 29, 2023, 1:22 PM IST

মাতৃ হোৱাটো প্ৰত্যেকগৰাকী মহিলাৰ বাবে আটাইতকৈ সুন্দৰ অনুভৱ, কিন্তু গৰ্ভাৱস্থাত মাক আৰু সন্তান উভয়ৰে সঠিক যত্ন লোৱাটোও প্ৰয়োজনীয় । গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ জীৱন আৰু শৰীৰৰ বহু পৰিৱৰ্তন ঘটে । এনে পৰিস্থিতিত গৰ্ভৱতী মহিলাই নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত । ইয়াৰ সময়ত গৰ্ভস্থ শিশুৰ বিকাশৰ বাবে সুষম আহাৰ গ্ৰহণ কৰাটোও অতি গুৰুত্বপূৰ্ণ । গতিকে জানো আহক, গৰ্ভৱতী মহিলাই কি কি বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে ।

কেলচিয়াম সমৃদ্ধ খাদ্য

গৰ্ভাৱস্থাত কেলচিয়াম সমৃদ্ধ খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় । ইয়াৰ ফলত গৰ্ভত বাঢ়ি অহা শিশুৰ হাড়ৰ বিকাশ ঘটে, গতিকে যদি আপুনি মাতৃ হ’বলৈ গৈ আছে তেন্তে কেলচিয়ামৰ অভাৱ শৰীৰত সোমাবলৈ নিদিব । আপুনি আপোনাৰ খাদ্য তালিকাত বাদাম অন্তৰ্ভুক্ত কৰিব লাগিব, ইয়াৰ বাবে আপুনি আলমণ্ড খাব পাৰে । ইয়াত কেলচিয়ামৰ পৰিমাণ বেছি । ইয়াৰ উপৰিও গাখীৰ, পনিৰ আৰু দৈও খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে । খাদ্যত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক, ইহঁতে কেলচিয়ামৰ প্ৰধান উৎস ।

ওমেগা-৩ ফেটি এচিড

গৰ্ভত বৃদ্ধি পোৱা শিশুৰ বাবে ওমেগা-৩ ফেটি এচিড অতি উপকাৰী । শিশুৰ মগজু আৰু চকুৰ বাবে ইয়াক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয় । আপুনি আপোনাৰ খাদ্যত ওমেগা-৩ ফেটি এচিডযুক্ত খাদ্য অৰ্থাৎ মাগুৰ, চাৰ্ডিন আৰু ছালমনৰ দৰে মাছ যোগ কৰিব পাৰে । মাছ নাখালেও শণৰ গুটি, আখৰোট, চিয়া গুটি খাব পাৰে । এইবোৰ শৰীৰত ওমেগা-৩ ফেটি এচিডৰ যোগানৰ বাবে উৎকৃষ্ট উৎস বুলি প্ৰমাণিত হ’ব পাৰে । এই পুষ্টিকৰ পদাৰ্থৰ পৰিপূৰক হিচাপে আপুনি বিশেষজ্ঞৰ পৰামৰ্শও ল’ব পাৰে ।

প্ৰ’টিন সমৃদ্ধ খাদ্য খাওক

প্ৰটিন সমৃদ্ধ খাদ্য মাতৃ আৰু শিশু উভয়ৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ । শৰীৰত প্ৰ’টিনৰ অভাৱ দূৰ কৰিবলৈ খাদ্যত মাছ, কণী, দুগ্ধজাত সামগ্ৰী, দালি আৰু টোফু নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰিব লাগে । যদি আপুনি নিৰামিষভোজী হয় তেন্তে আলমণ্ড, মচুৰ দাইল, চজিনা, কুইনোয়া, দৈ আদিও খাব পাৰে ।

আইৰণ সমৃদ্ধ খাদ্য

গৰ্ভাৱস্থাত প্ৰায়ে দুৰ্বলতা অনুভৱ কৰা হয় । এনে পৰিস্থিতিত আয়ৰণ সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব । ইয়াৰ বাবে লীন মীট, কুকুৰা মাংস, মাছ, বীন, আলমণ্ড, মচুৰ দাইল, গোটা শস্য আদি খাব পাৰে ।

লগতে পঢ়ক:Teeth Health: দাঁতৰ হালধীয়া ৰঙৰ বাবে চিন্তিত নেকি ? মাত্ৰ সপ্তাহত ৩ বাৰকৈ এই ৩বিধ সামগ্ৰী মিহলাই প্ৰয়োগ কৰক

ABOUT THE AUTHOR

...view details