অসম

assam

ETV Bharat / sukhibhava

Knee Pain: শীতকালত গাঁঠিৰ বিষৰ পৰা সকাহ দিব এই চাৰিবিধ পাতে

শীতকাল আৰম্ভ হোৱাৰ লগে লগে বেছিভাগ মানুহেই গাঁঠিৰ বিষৰ সমস্যাই দেখা দিয়ে । স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, যেতিয়া শৰীৰত ইউৰিক এচিড বৃদ্ধি পায় তেতিয়া গাঁঠিৰ বিষ আৰম্ভ হয় । কিন্তু এই ঋতুত কিছুমান ঘৰুৱা উপায় মানি চলি গাঁঠিৰ বিষৰ পৰা সকাহ পাব পাৰি ।

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 4:11 PM IST

These green leaves May Reduce Joint Pain In Winters
শীতকালত গাঁঠিৰ বিষৰ পৰা সকাহ দিব এই চাৰিবিধ পাতে

বতৰ সলনি হোৱাৰ লগে লগে ঠাণ্ডাও বৃদ্ধি পাবলৈ ধৰিছে এই সময়ছোৱাত বেছিভাগ মানুহেই গাঁঠিৰ বিষত ভুগিবলগীয়া হয় । যাৰ কাৰণে বয়স বৃদ্ধিৰ লগে লগে হাড় আৰু গাঁঠিৰ বিষ দেখা যায় । যাৰ বাবে বাতবিষো হ’ব পাৰে । এই ৰোগত গাঁঠিত সামান্যৰ পৰা তীব্ৰ বিষ হ’ব পাৰে । যদিও এই ৰোগ বয়সস্থ লোকৰ ক্ষেত্ৰত অধিক হোৱা দেখা যায়, কিন্তু এতিয়া কম বয়সীয়া লোকসকলো বাতবিষৰ বলি হ’বলৈ আৰম্ভ কৰিছে ।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’লে বাতবিষৰ সমস্যাই দেখা দিয়ে । ইউৰিক এচিড গাঁঠিৰ হাড়ত প্ৰৱেশ কৰিলে স্ফটিকীয় গঠন গঢ় লৈ উঠে । এইবোৰে গাঁঠিবোৰক সহায় কৰা কুশ্বনবোৰ লাহে লাহে পাতল কৰি দিয়ে । ইয়াৰ বাবে গাঁঠিবোৰত বিষ হ’বলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত আপুনি কিছুমান ঘৰুৱা উপায়ৰ সহায় ল’ব পাৰে । এই প্ৰতিবেদনত আমি আপোনালোকক ক’বলৈ ওলাইছো যে কোনবোৰ পাত ব্যৱহাৰ কৰি গাঁঠিৰ বিষৰ পৰা উপশম পাব পাৰি ।

পদিনা পাত

পদিনা পাতেৰে প্ৰায়েই চাটনি তৈয়াৰ কৰা হয় । পদিনা স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলিও গণ্য কৰা হয়৷ পদিনা পাতত আইৰণ, পটাছিয়াম, মেগনেছিয়াম, ভিটামিন এ আৰু ফ’লেট পোৱা যায় । ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণে প্ৰস্ৰাৱৰ পৰা পিউৰিন আঁতৰাই গাঁঠিৰ ফুলাৰ সমস্যা হ্ৰাস কৰে ।

ধনিয়া

ধনিয়া অবিহনে তৰকাৰী সোৱাদ সদায় আধৰুৱা । সেউজীয়া ধনিয়াই ইয়াৰ মৃদু সুগন্ধিৰে শাক-পাচলিৰ সোৱাদ সম্পূৰ্ণৰূপে সলনি কৰি পেলায় । আপোনালোকক জনাই দিও যে ধনিয়াই ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ কৰে । ধনিয়াত প্ৰচুৰ পৰিমাণে থাইয়ামিন, ফছফৰাছ আৰু ভিটামিন চি পোৱা যায় । ইয়াৰ লগতে ই তেজত ইউৰিক এচিড আৰু ক্ৰিয়েটিনিনৰ মাত্ৰাও হ্ৰাস কৰে ।

ছালকুঁৱৰী

ছালৰ বাবে উপকাৰী বুলি বিবেচিত ছালকুঁৱৰী বা এলোভেৰা গাঁঠিৰ বিষতো উপকাৰী । এলোভেৰাৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে ফুলা কমাই বিষৰ পৰা উপশম দিব পাৰে । সাধাৰণতে ৰ’দত পোৰা, ব্ৰণ আৰু পিম্পল ব্ৰেকআউটৰ বাবে ছালকুঁৱৰী ব্যৱহাৰ কৰা হয় । কিন্তু ইয়াৰ ৰস খালে গাঁঠিৰ বিষৰ পৰাও সকাহ পোৱা যায় ।

লগতে পঢ়ক:Finger Tattoo: আঙুলিত ডিজাইনাৰ টেটু বনাব বিচাৰে নেকি ? কিন্তু প্ৰথমে ইয়াৰ বিপদ জানি লওক

ABOUT THE AUTHOR

...view details