অসম

assam

ETV Bharat / sukhibhava

Health News: দাঁত ব্ৰাছ নকৰাকৈ খাদ্য খায় নেকি ? তেন্তে ইয়াৰ লোকচান জানি লওক - গৰ্ভৱতী মহিলাৰ ক্ষতি

মুখৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সদায় যত্ন লোৱাটো খুবেই জৰুৰী ৷ কিন্তু আজিকালি বহু লোকেই ব্ৰাছ নকৰাকৈ ‘বেড টি’ বা আন খাদ্য গ্ৰহণ কৰে ৷ ব্ৰাছ নকৰাকৈ খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ পক্ষে কেনে ধৰণৰ সমস্যাৰ উদ্ভৱ হ’ব পাৰে, আজি জানো আহক-

The habit of eating without brushing your teeth can be dangerous
দাঁত ব্ৰাছ নকৰাকৈ খাদ্য খায় নেকি ? তেন্তে ইয়াৰ লোকচান জানি লওক

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 4:53 PM IST

যদি এজন লোকৰ মুখৰ ভিতৰখন লেতেৰা হৈ থাকে, তেন্তে অতি সোনকালে তেওঁ গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে ৷ এয়া পিছে আমি কোৱা কথা নহয় ৷ এই মত স্বাস্থ্য বিশেষজ্ঞৰ ৷ সেয়েহে, মুখৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সদায় যত্ন লোৱাটো খুবেই জৰুৰী ৷ মুখৰ ভিতৰখন পৰিস্কাৰ কৰিবলৈ ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পিছত আৰু ৰাতি টোপনি যোৱাৰ আগতে দাঁত ব্ৰাছ কৰিব লাগে ৷ ই মুখত থকা বেক্টেৰিয়া আৰু বীজাণু পৰিস্কাৰ কৰে ৷ অন্যথা এই বেক্টেৰিয়াবোৰ পাকস্থলীলৈ যায় ৷ যাৰ ফলত আমাৰ বহু গুৰুতৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে ৷ আজিকালি বহু লোকেই ব্ৰাছ নকৰাকৈ ‘বেড টি’ বা আন খাদ্য গ্ৰহণ কৰে ৷ ব্ৰাছ নকৰাকৈ খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ পক্ষে কেনে ধৰণৰ সমস্যাৰ উদ্ভৱ হ’ব পাৰে, আজি জানো আহক-

হৃদৰোগৰ আশংকা

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ব্ৰাছ নকৰাকৈ খোৱাৰ ফলত হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা বৃদ্ধি হয় ৷ দাঁতত জমা হোৱা প্লেক, বেক্টেৰিয়া আৰু লেতেৰা শৰীৰলৈ যায় আৰু হৃদযন্ত্ৰৰ স্নায়ু অৱৰোধ কৰে ৷ ইয়াৰ ফলত হৃদযন্ত্ৰলৈ ৰক্ত সঞ্চালনো হ্ৰাস হয় আৰু হৃদৰোগ আশংকা বৃদ্ধি হয় ৷

মুখৰ গোন্ধ

যেতিয়াই আমি ৰাতিপুৱা সাৰ পাওঁ, মুখৰ পৰা দুৰ্গন্ধ ওলায় ৷ ইয়াৰ কাৰণ হৈছে যে ৰাতি আপোনাৰ মুখখন আপুনি পৰিস্কাৰ কৰা নাই ৷ৰাতিপুৱা-ৰাতি ব্ৰাছ কৰাৰ ফলত মুখৰ গোন্ধ আঁতৰ হয় আৰু উশাহ সতেজ হয় ৷

গৰ্ভৱতী মহিলাৰ ক্ষতি

যদি গৰ্ভৱতী মহিলাই ব্ৰাছ নকৰাকৈ যদি কিবা খায়, ই কেৱল তেওঁলোকৰ স্বাস্থ্যই নহয়, গৰ্ভত থকা শিশুৰ স্বাস্থ্যকো প্ৰভাৱিত কৰে ৷ ইয়াৰ ফলত অকাল প্ৰসৱ, সন্তানৰ জন্মৰ সময়ত ওজন কম তথা শিশুটোৰ আন বহুতো সমস্যা হ'ব পাৰে ৷

দাঁতৰ গুৰি দুৰ্বল

দৈনিক সঠিক ৰূপত ব্ৰাছ নকৰাৰ ফলত দাঁতৰ গুৰিৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে ৷ বিশেষকৈ ইয়াৰ ফলত দাঁতৰ গুৰি দুৰ্বল হৈ পৰে ৷ ক্ষতিকাৰক বেক্টেৰিয়াৰ ফলত দাঁতৰ গুৰি ফুলা, ৰক্তক্ষৰণৰ দৰে সমস্যাও উদ্ভৱ হব পাৰে ৷ সেয়েহে, সদায় ৰাতিপুৱা-ৰাতি ব্ৰাছ কৰিব লাগে ৷

লগতে পঢ়ক:Bhagyashree Diet: নিজকে সুস্থ ৰাখিবলৈ এই আহাৰ গ্ৰহণ কৰে মেইনে প্যাৰ কিয়াৰ অভিনেত্ৰী ভাগ্যশ্ৰীয়ে?

ABOUT THE AUTHOR

...view details