আত্ম-চিন্তা আৰু আত্মসংযম এজন ব্যক্তিৰ বাবে এক কঠিন কাম । অধিকাংশ লোকেই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ বহুত কষ্ট কৰে । এই অধ্যয়নত আত্মনিয়ন্ত্ৰণৰ বাবে ইচ্ছাশক্তিৰ গুৰুত্ব সম্পৰ্কে নতুন অন্তৰ্দৃষ্টি প্ৰকাশ পাইছে(The significance of willpower to self control) ।
গৱেষকসকলে দীৰ্ঘদিন ধৰি চিন্তা-চৰ্চা কৰি আহিছে যে, প্ৰলোভনক প্ৰতিহত কৰিবলৈ মানুহে কি কি দিশত গুৰুত্ব দিয়ে ৷ যেনে চিপচ খোৱা বা শোৱাৰ পূৰ্বে ফেচবুক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কেনেকৈ মানুহে নিজকে নিয়ন্ত্ৰণ কৰে এই বিষয়ে গৱেষকসকলে অধ্যয়ন কৰে । গ্ৰীক পৌৰাণিক কাহিনীত অডিচিয়াছ আৰু চাইৰেনৰ কাহিনীয়ে আত্মসংযমৰ এক দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে ।
আমেৰিকাৰ ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ PhD ছাত্ৰ(Rutgers Department of Philosophy) জৰ্ডান ব্ৰীজেছে এখন আলোচনীত লিখে - “আত্মসংযমৰ অধ্যয়নৰ বাবে এই পাৰ্থক্য কিয় গুৰুত্বপূৰ্ণ, আৰু এই ক্ষেত্ৰত কেৱল মানুহেহে ইচ্ছাশক্তি দেখুৱাব পাৰে ।”
আমাৰ মাজত বহু লোক আছে যিয়ে নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে । ইয়াৰ কাৰণ কোনেও হয়তো নাজানে, টোপনিৰ পূৰ্বে ফেচবুক ব্যৱহাৰ কৰাৰ দৰে বহুতো বেয়া অভ্যাসৰ পৰা কেনেকৈ বিৰত থাকিব পাৰে । মনোবিজ্ঞানী আৰু আচৰণৰ অৰ্থনীতিবিদসকলে(Psychologists and Behavioural Economists) জানিব পাৰিছে যে, মানুহৰ শৰীৰে ইচ্ছাশক্তিৰ ক্ষেত্ৰত প্ৰলোভনক প্ৰতিহত কৰাৰ ক্ষমতা আছে ।