অসম

assam

ETV Bharat / sukhibhava

Benefits of sleeping early: ৰাতি ১০ বজাৰ পূৰ্বে কৰক শোৱাৰ অভ্যাস, শৰীৰে লাভ কৰিব এইসমূহ আচৰিত উপকাৰিতা - খিংখিঙীয়া অনুভৱ

সু-স্বাস্থ্যৰ বাবে কেৱল স্বাস্থ্যসন্মত খাদ্যই নহয় সঠিক পৰিমাণৰ টোপনিৰো প্ৰয়োজন, যিয়ে আমাক গোটেই দিনটোৰ বাবে সক্ৰিয় অনুভৱ কৰাত সহায় কৰে ৷ সেয়ে আজি আমি জানিম নিশা ১০ বজাৰ পূৰ্বে টোপনি গ্ৰহণ কৰিলে আমাৰ স্বাস্থ্যৰ কেনেধৰণৰ উপকাৰিতা সাধন হয় ৷

sleeping early at night is good for your health and body know shocking benefits
ৰাতি ১০ বজাৰ পূৰ্বে কৰক শোৱাৰ অভ্যাস, শৰীৰে লাভ কৰিব এইসমূহ আচৰিত উপকাৰিতা

By

Published : Jun 5, 2023, 6:44 PM IST

সুস্থ হৈ থাকিবলৈ যিমানেই খাদ্য আৰু পানীৰ প্ৰয়োজন সিমানেই টোপনিও সমানেই গুৰুত্বপূৰ্ণ । কাৰণ টোপনিৰ অভাৱত শৰীৰত বহুতো ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় আৰু আপোনাৰ দৈনন্দিন কাম-কাজতো ইয়াৰ প্ৰভাৱ পৰে (Benefits of sleeping early)।

আপুনি নিশ্চয় আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা এই কথাষাৰ প্ৰায়ে শুনিছে যে "সময়মতে শোৱা"। আপুনি কেতিয়াবা ভাবিছেনে যে তেওঁলোকে কিয় তেনেকৈ কয় ? আমি কিয় সোনকালে শুব লাগে ? এই প্ৰশ্নৰ উত্তৰ জানো আহক...

  • দৰাচলতে ৰাতি পলমকৈ শুবলৈ যোৱাৰ বহু অপকাৰিতা আছে । দেৰিকৈ শোৱাৰ বাবে টোপনিও সম্পূৰ্ণ নহয় আৰু পিছদিনাও সক্ৰিয় অনুভৱ কৰিবলৈও সক্ষম নহয় । তোমাৰ চকু দুটা ফুলি উঠিব । ভুল সময়ত টোপনি আহিব । কোনো কাম কৰিবলৈ মন নাযাব । খিংখিঙীয়া অনুভৱ হ’ব আৰু আন বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ।
  • প্ৰতিজন ব্যক্তিয়ে ৭-৮ বজাৰ ভিতৰত নিজৰ খাদ্য গ্ৰহণ কৰি ১০ বজাৰ আগতে শুবলৈ যাব লাগে (Benefits of sleeping before 10pm)। ১০ বজাৰ আগতে শুলে কেনেদৰে সুবিধা পাব পাৰে জনাওক ?
  • নিশা ১০ বজালৈ বা তাৰ আগতে শুলে থাকিলে আপোনাৰ মানসিক স্বাস্থ্য উন্নত হয় । ইয়াৰ ফলত আপুনি অপ্ৰয়োজনীয়ভাৱে মানসিক চাপ আৰু উদ্বেগৰ নিজকে আঁতৰাই ৰাখিব পাৰিব (Sleeping early benefits skin)।
  • ৰাতি সোনকালে শুলে পাচনতন্ত্ৰও সবল হৈ থাকে । আমি খোৱা সকলো খাদ্য সহজে হজম হৈ যায় আৰু আমি ভাল টোপনি ল’ব পাৰো ।
  • ৰাতি ১০ বজাৰ আগতে শুলে মেটাবলিজম ভাল হয় । খোৱা কেলৰিবোৰো দ্ৰুতগতিত জ্বলিবলৈ আৰম্ভ কৰে আৰু শৰীৰৰ অতিৰিক্ত চৰ্বি অৰ্থাৎ অতিৰিক্ত ওজন আৰু মেদবহুলতাৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায় ।
  • আগতীয়াকৈ শুলেও ছালখন সুস্থ কৰি ৰখাত সহায় কৰে । যেতিয়া আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি পায় তেতিয়া আপোনাৰ মুখখনো পুষ্টিকৰ আৰু সতেজ দেখা যায় । আনহাতে দেৰিকৈ শুৱাৰ থকাৰ বাবে মুখত ভাগৰ, অলসতা, টোপনি আৰু ফুলা দেখা দিয়ে ।

লগতে পঢ়ক:Whey Protein Side Effects: জিমলৈ যোৱাসকলে কিয় খায় Whey Protein ? কিন্তু তাৰ পূৰ্বে ইয়াৰ অপকাৰিতাসমূহ জানি লওক

ABOUT THE AUTHOR

...view details