বহুতে গাখীৰৰ সৈতে মলাই বা সৰ খাবলৈ ভাল পায় যদিও ইয়াক ছালৰ যত্নৰ বাবেও ব্যৱহাৰ কৰিব পাৰি ৷ মলাইৰ সহায়ত মুখখন কোমল হৈ পৰে (Moisturize) ৷ ইয়াৰ বাহিৰেও গাখীৰৰ সৰ প্ৰয়োগ কৰিলে মুখৰ পৰা মলি সম্পূৰ্ণৰূপে আঁতৰি যায় আৰু মুখৰ ছালখন জিলিকি উঠে লগতে কোমল হৈ পৰে ৷ যদি কিছুমান বস্তু গাখীৰৰ সৰৰ সৈতে মিহলাই ফেচ পেক প্ৰস্তুত কৰি মুখত ব্যৱহাৰ কৰা হয়, তেন্তে মুখৰ বহু সমস্যাৰ পৰা উপশম পাব পাৰি ৷
গাখীৰৰ সৰৰ পৰা ৩ প্ৰকাৰৰ ফেচপেক প্ৰস্তুত কৰক
১/ গাখীৰৰ সৰ আৰু মৌ (Milk Cream & Honey)
গাখীৰৰ সৰ আৰু মৌৰ সংমিশ্ৰণ মুখৰ ছালৰ বাবে অতি উপকাৰী বুলি বিবেচিত হৈ আহিছে ৷ ইয়াৰ ফলত মুখখন গভীৰভাৱে মইশ্ব’ৰাইজ হ’ব আৰু লগতে ইয়াক আচৰিত ধৰণৰ গ্ল’ দিব ৷ এই ফেচ পেকটো প্ৰস্তুত কৰিবলৈ গাখীৰৰ সৰ আৰু মৌ সমান পৰিমাণে মিহলাই মুখত লগাব লাগে ৷ ২০ মিনিটমান ৰখাৰ পিচত কুহুমীয়া পানীৰে মুখখন ধুব লাগে ৷