অসম

assam

ETV Bharat / sukhibhava

দেশবাসীক স্বাস্থ্যসন্মত খাদ্যসূচীৰ প্ৰতি উৎসাহিত কৰিবলৈ খাদ্য প্ৰণালীৰ সংশোধনী

ভাৰতত পূৰ্বৰ পৰা বৰ্তি থকা 15 টা খাদ্য প্ৰণালীৰ নিৰ্দেশনা সম্পূৰ্ণৰূপে সংশোধন কৰা হ'ব আৰু স্বাস্থ্যসন্মত খাদ্যসূচীৰ বাবে নতুনকৈ নিৰ্দেশনা যোগ দিয়া হ’ব (Revised dietary guidelines for Indians) ৷

Revised dietary guidelines for Indians
স্বাস্থ্যসন্মত খাদ্যসূচী

By

Published : Apr 7, 2022, 9:59 PM IST

২০১১ চনত আই.চি.এম.আৰৰ ৰাষ্ট্ৰীয় পুষ্টি প্ৰতিষ্ঠানৰ দ্বাৰা ভাৰতীয়সকলৰ বাবে মুকলি কৰা খাদ্য প্ৰণালীৰ নিৰ্দেশনাসমূহ উন্নত মানৰ জীৱনশৈলী আৰু পুষ্টিগত খাদ্য প্ৰণালীৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সালসলনি ঘটোৱা হৈছে বুলি সদৰি কৰে NIN (National Institute of Nutrition) ৰ সঞ্চালকে ৷

ভাৰতত পূৰ্বৰ পৰা বৰ্তি থকা 15 টা খাদ্য প্ৰণালীৰ নিৰ্দেশনা সম্পূৰ্ণৰূপে সংশোধন কৰা হৈছে ৷ স্বাস্থ্যৰ পক্ষে হানিকাৰক খাদ্যৰ পৰা আঁতৰি স্বাস্থ্যসন্মত খাদ্যপ্ৰণালীক আকোঁৱালি লব’লৈ ফুড লেবেল তথ্য ব্যৱহাৰৰ কথা 16 নং নিৰ্দেশনাত উল্লেখ আছে (Revised dietary guidelines for Indians) ৷ এইটোৱে সকলোকে পেকেট যুক্ত খাদ্য ক্ৰয় কৰাৰ আগতে ফুড লেবেলৰ তথ্য পঢ়া আৰু বুজাত সহায় কৰিব, এই ভাষ্য NIN ৰ এজন জ্যেষ্ঠ বিজ্ঞানী চুব্বাৰাও এম গাভাৰাভাৰাপুৰ ৷

পূৰ্বৱৰ্তী নিৰ্দেশনাবোৰ অধিক পুষ্টিগত আছিল ৷ খাদ্যৰ নিৰ্দেশনাবোৰো স্বাস্থ্যকৰ জীৱনৰ বাবে প্ৰয়োজনীয় পুষ্টিৰ ওপৰতে নিৰ্ভৰশীল আছিল ৷ বৰ্তমানৰ সংশোধিত নিৰ্দেশনাত বয়স, লিংগ আৰু কৰ্মদক্ষতা অনুপাতে প্ৰতিদিনৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত হ’বলগীয়া বিভিন্ন বিভাগৰ খাদ্যৰ বিষয়ে বিতং তথ্য উল্লেখ আছে (Dietary guidelines for Indians) ৷

ICMR-NIN ৰ সঞ্চালক ডাঃ হেমলতা কৈছে, এই সংস্কৰণটো প্ৰতিজন ব্যক্তিৰে বাবে অতি সহজে বুজিব পৰাকৈ সংশোধন কৰা হৈছে ৷ নৱজাতক আৰু সৰু শিশুৰ খাদ্য প্ৰণালী, গৰ্ভধাৰণ আৰু স্তনপান কৰোৱাৰ সময়ৰ পুষ্টি, ল'ৰা আৰু ছোৱালী উভয়ৰে ক্ষেত্ৰত কৈশোৰ অৱস্থাত পুষ্টি আৰু শাৰিৰীক সক্ৰিয়তাৰ গুৰুত্ব, সুৰক্ষিত ৰন্ধন প্ৰণালীৰ লগতে চৰ্বি, নিমখ আৰু চেনি উপযুক্ত মাত্ৰাত গ্ৰহণ কৰা আদি সকলো সামৰি এই নিৰ্দেশনাত উল্লেখ আছে ৷ এই কথা জানিবলৈ দিয়ে জ্যেষ্ঠ বিজ্ঞানী আৰু আহাৰ নিৰ্দেশনা সমিতিৰ সদস্য সচিব ড০ পি উদয় কুমাৰে (how to encourage healthy food choices) ৷

চুব্বাৰাৱে কৈছে যে বৃদ্ধসকলৰ বাবেও পুষ্টিৰ নিৰ্দেশনা সংশোধন কৰা হৈছে । সংশোধিত এই নিৰ্দেশনাসমূহ তিনি-চাৰি মাহৰ ভিতৰত জাৰী কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:Pre marriage counselling benefits: উন্নত বিবাহিত সম্পৰ্কৰ ভেটি স্থাপনত সহায়ক হ’ব পাৰে প্ৰি-মেৰিজ কাউন্সেলিং

ABOUT THE AUTHOR

...view details