আজিৰ দিনত সকলো লোকেই যৌৱন ধৰি ৰাখিব বিচাৰে । বিভিন্ন উপায়েৰে যৌৱন ধৰি ৰখাৰ বাবে চেষ্টা কৰে বহু লোকে । বহুতো প্ৰসাধন সামগ্ৰী, বহুতো ঔষধ আদি ব্যৱহাৰ কৰে যৌৱন প্ৰাপ্ত হৈ থাকিবৰ বাবে । কিন্তু বৃদ্ধ কাল সকলোৰেই আহে । অৱশ্যে এই বৃদ্ধ কাল অহাত কিছু পলম কৰাব পাৰি কিছুমান উপায় অৱলম্বন কৰি । তাৰেই ভিতৰত এবিধ এনে পাচলি আছে, যাৰ যৌৱন ধৰি ৰখাৰ প্ৰচুৰ শক্তি আছে । সেই পাচলি বিধ হৈছে ৰঙালাও(Pumpkins have surprising health benefits for body)।
যি ৰঙালাও দেখি বহু লোকেই নাক কোচাই বা খাবলৈ ইচ্চা নকৰে সেই ৰঙালাওতেই আছে বহু গুণ । বজাৰত দেখিবলৈ পোৱা বিভিন্ন প্ৰজাতিৰ ৰঙালাওতেই পোৱা যায় বহু উপকাৰী গুণ(Health benefits of Pumpkin)।
বিশ্বত ১৫০ বিধৰো অধিক ৰঙালাওৰ প্ৰজাতি পোৱা যায়, সেই সকলোবোৰতেই পোৱা যায় বিভিন্ন ঔষধীয় গুণ । তাৰেই ভিতৰত পটাচিয়াম, আঁহ যুক্ত, আৰু ভিটামিন এ সম্বৃদ্ধ হোৱাৰ বাবে ই অধিক লাভকাৰী শৰীৰৰ বাবে ।
পটাছিয়াম:শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থবোৰৰ ভিতৰত এটা, পটাছিয়াম হৈছে ৰক্তচাপ নিয়ন্ত্ৰণ কৰা আৰু ষ্ট্ৰোক আৰু হৃদৰোগৰ পৰা শৰীৰক সুৰক্ষিত কৰাত গুৰুত্বপূৰ্ণ । পটাছিয়াম সমৃদ্ধ আহাৰে শৰীৰৰ ভিতৰত অতিৰিক্ত ছডিয়াম আঁতৰাই ৰক্তচাপ হ্ৰাস কৰিব পাৰে ।