অষ্টিঅ’আৰ্থাইটিছ(Osteoarthritis) হৈছে মানুহৰ হাড়ৰ সন্ধি বা গাঁঠিত উৎপন্ন হোৱা এক ৰোগ । হাড়ৰ গাঁঠিত সকলো ৰোগৰ ভিতৰত এই ৰোগৰ ফলতে মানুহৰ হাড়ৰ গাঁঠিবোৰ আটাইতকৈ বেছিকৈ আক্ৰান্ত হয়(Osteoarthritis Symptoms Causes and its Treatment)। সাধাৰণতে অতিৰিক্ত ব্যৱহাৰৰ ফলত গাঁঠি ক্ষয়প্ৰাপ্ত হৈ এই ৰোগ হোৱা দেখা যায় । শৰীৰৰ কোনো অংশৰ হাড়ৰ গাঁঠিৰ যদি ব্যৱহাৰ কম হয়, তেন্তে সেই গাঁঠি কেতিয়াও অষ্টিঅ’আৰ্থাইটিছ ৰোগত আক্ৰান্ত নোহোৱাকৈ থাকিব পাৰে (osteoarthritis causes)।
সেইবাবে তুলনামুলকভাৱে কম ব্যৱহৃত হোৱা শৰীৰৰ উৰ্দ্ধাংশৰ গাঁঠিতকৈ নিম্নাংশৰ গাঁঠিত এই ৰোগৰ মাত্ৰা অধিক হোৱা দেখা যায় । সাধাৰণতে শৰীৰৰ অধিকতৰ ওজন বহনকাৰী গাঁঠি যেনে আঁঠু, উৰু আৰু ৰাজহাড় আদিত এই ৰোগ সহজে হোৱা দেখা যায় । এই ৰোগৰ ফলত হাড়ৰ সন্ধিৰ বিকলতা বৃদ্ধি পায় । সাধাৰণতে হাড়ৰ গাঁঠিৰ জন্মগত দোষ, বাধাপ্ৰাপ্ত ৰক্তপ্ৰবাহ, পূৰ্বে আঘাতপ্ৰাপ্ত হোৱা বা বিশেষ কোনো ৰোগত আক্ৰান্ত হাড়ৰ গাঁঠি আদিত এই ৰোগ বেছিকৈ হোৱা দেখা যায় (osteoarthritis knee)।
অষ্টিঅ’আৰ্থাইটিছ হ’লে হাড়ৰ গাঁঠিবোৰ লৰচৰ কৰাত সুচল হোৱাকৈ সেইবোৰৰ মাজত থকা পিচল গ্ৰীজৰ দৰে পদাৰ্থবিধ (Synovial Fluid) শুকাই যায় আৰু দুডাল হাড়ক সংযোগ কৰা কছনৰ দৰে কোমল কাৰ্টিলেজ (Cartilage) নামৰ পদাৰ্থবিধ ক্ষয়প্ৰাপ্ত হয় । তেতিয়া লৰচৰ কৰাৰ সময়ত দুডাল হাড়ৰ মাজৰ ব্যৱধান কমি গৈ সংঘৰ্ষ হয় । এই সংঘৰ্ষৰ ফলত দুয়োফালৰ হাড়েই ক্ষয়প্ৰাপ্ত হৈ যোৱাৰ ফলত হাড়ৰ গাঁঠিবোৰৰ বিষ হয় আৰু ব্যক্তিজনে সংশ্লিষ্ট অংগবিধ লৰচৰ কৰিবলৈ অসুবিধা পায়(osteoarthritis symptoms)।
তদুপৰি এই ক্ষয়প্ৰাপ্ত হোৱা হাড়বোৰৰ সীমাৱৰ্তী অঞ্চলত হাড়ৰ কোষ বৃদ্ধি হৈ জোঙা আকৃতিৰ নতুন হাড় সদৃশ পদাৰ্থৰ সৃষ্টি হয় । এইবোৰক অষ্টিঅ’ফাইট (Osteophyte) বোলা হয় । এই পদাৰ্থবোৰৰ সৃষ্টিৰ ফলতো হাড়ৰ বিষ হয় । চিকিৎসা শাস্ত্ৰত দুই ধৰণৰ অষ্টিঅ’আৰ্থাইটিছ ৰোগ দেখা যায়- সঠিক কাৰণ নিৰ্ণয় নোহোৱাকৈ হোৱা প্ৰাথমিক বা প্ৰাইমাৰী অষ্টিঅ’আৰ্থাইটিছ আৰু কোনো বিশেষ কাৰণ নিৰ্ণয় হোৱা গৌণ বা ছেকেণ্ডাৰী অষ্টিঅ’আৰ্থাইটিছ । প্ৰাইমাৰী অষ্টিঅ’আৰ্থাইটিছৰ ক্ষেত্ৰত কোনো বেমাৰ বা পূৰ্বে আঘাতপ্ৰাপ্ত হোৱাৰ কথা জনা নাযায় ।
সাধাৰণতে স্বাভাৱিক বয়স বৃদ্ধিৰ ফলতে এনেধৰণৰ অষ্টিঅ’আৰ্থাইটিছ ৰোগ হয় । গৌণ বা ছেকেণ্ডাৰী অষ্টিঅ’আৰ্থাইটিছ সাধাৰণতে হাড়ৰ গাঁঠিত হোৱা বিভিন্ন অস্ত্ৰোপচাৰ, আঘাত, শৰীৰৰ ওজন বৃদ্ধি বা মেদবহুলতা, কিছুমান বেমাৰ যেনে, ৰিউমেটইড আৰ্থাইটিছ, গাউট, ডায়েবেটিছ, হৰম’নজনিত কোনো ৰোগ আদিৰ ফলত হ’ব পাৰে । শৰীৰৰ ওজন বৃদ্ধি বা মেদবহুলতাৰ সৈতে অষ্টিঅ’আৰ্থাইটিছৰ অতি ওচৰ সম্পৰ্ক। সেয়ে এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাটো অতি জৰুৰী ।
ইয়াৰ বাহিৰেও শৰীৰৰ সমানুপাতিক নোহোৱা কিছুমান বিসংগতিমুলক ক্ৰীড়া বা খেল-ধেমালি, দীঘলীয়া সময়জুৰি অবিৰামভাৱে খোজকঢ়া, চিৰি বগোৱা আদিও এই ৰোগৰ কাৰক হ’ব পাৰে । দৈনিক কামৰ তালিকাত আমাৰ আঁঠুকেইটাই আমৰ শৰীৰৰ ওজনতকৈ প্ৰায় দুইৰ পৰা সাত গুণ ওজন হবন কৰে । কিন্তু এই ওজনৰ পৰিমাণ আৰু বৃদ্ধি হ’লে তাৰ পৰা উৎপন্ন চাপেও এই ৰোগ সৃষ্টিত অৰিহণা যোগায় ।