অসম

assam

ETV Bharat / sukhibhava

Malaria antidote: ছমাহলৈ মেলেৰিয়াৰ পৰা সুৰক্ষা দিব পৰা প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়ালে গৱেষকে - আফ্ৰিকা মহাদেশ

আফ্ৰিকাৰ গৱেষকসকলে মেলেৰিয়া প্ৰতিৰোধৰ বাবে মনোক্ল’নেল এন্টিব’ডি নামৰ ঔষধ প্ৰস্তুত কৰি উলিয়াইছে(Monoclonal antibody prevents malaria infection in African adults) । গৱেষকসকলৰ মতে, ইয়াৰ এটা ড’জে ছমাহলৈকে মেলেৰিয়াৰ পৰা আপোনাক ৰক্ষা কৰিব বুলি দাবী কৰা হৈছে । মেলেৰিয়া প্ৰতিৰোধৰ বাবেও প্ৰস্তুত কৰা হৈছে ভেকচিন(Monoclonal antibody drug)।

Monoclonal antibody drug will protect against malaria for 6 months know how antibodies work
ছমাহলৈ মেলেৰিয়াৰ পৰা সুৰক্ষা দিব পৰা প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়ালে গৱেষকে

By

Published : Nov 3, 2022, 10:59 AM IST

আফ্ৰিকাৰ গৱেষকসকলে মেলেৰিয়া প্ৰতিৰোধৰ বাবে মনোক্ল’নেল এন্টিব’ডি নামৰ ঔষধ প্ৰস্তুত কৰি উলিয়াইছে(Monoclonal antibody prevents malaria infection in African adults) । গৱেষকসকলৰ মতে, ইয়াৰ এটা ড’জে ছমাহলৈকে মেলেৰিয়াৰ পৰা আপোনাক ৰক্ষা কৰিব বুলি দাবী কৰা হৈছে । মেলেৰিয়া প্ৰতিৰোধৰ বাবেও প্ৰস্তুত কৰা হৈছে ভেকচিন(Monoclonal antibody drug)।

মন কৰিবলগীয়া যে, বিশ্বজুৰি প্ৰতি ৫০ ছেকেণ্ডৰ মূৰে মূৰে মেলেৰিয়াৰ বাবে এজন ব্যক্তিৰ মৃত্যু হৈছে

গৱেষক দলটোৰ নেতৃত্বত মালিৰ বামাকোৰ বিজ্ঞান, কৌশল আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা ডাঃ কাছুম কায়েন্তাওৱে কয় যে, এই ঔষধে কম সময়ৰ ভিতৰতে মানুহক মেলেৰিয়াৰ পৰা ৰক্ষা কৰিব পৰাকৈ আৱিষ্কাৰ হৈছে(Monoclonal antibody) । ইয়াৰ পৰীক্ষা কালিফাবোগু আৰু টৰোডো গাঁৱৰ ৩৩০ জন লোকৰ ওপৰত কৰা হৈছিল ।

২৪ সপ্তাহ ধৰি পৰীক্ষা: পৰীক্ষাৰ সময়ত মানুহক আমেৰিকাৰ নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থত(National Institutes of Health) প্ৰস্তুত কৰা এন্টিব’ডিৰ মাত্ৰা দিয়া হৈছিল । কিছুমানক বেলেগ বেলেগ ড’জ দিয়া হৈছিল ৷

আনহাতে, কিছুমানক জেনেৰিক ঔষধ দিয়া হৈছিল । এই লোকসকলক ২৪ সপ্তাহলৈ দুসপ্তাহৰ মূৰে মূৰে এবাৰকৈ মেলেৰিয়াপৰীক্ষা কৰা হৈছিল । পৰীক্ষাত দেখা গ’ল যে, অধিক মাত্ৰা গ্ৰহণ কৰা ২০ জন লোকৰ মেলেৰিয়া, কম মাত্ৰাৰ ৩৯ জন লোক এই ৰোগত আক্ৰান্ত হৈছে । একে সময়তে যিসকলক সাধাৰণ ঔষধ দিয়া হৈছিল তাৰ ভিতৰত ৮৬ জন লোক মেলেৰিয়াত আক্ৰান্ত হৈছিল ।

ছমাহলৈ মেলেৰিয়াৰ পৰা সুৰক্ষা দিব পৰা প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়ালে গৱেষকে

২০২০ চনত ২৪ কোটি লোক আক্ৰান্ত হৈছিল:বিশ্ব স্বাস্থ্য সংস্থাৰ(World Health Organization) তথ্য অনুসৰি ২০২০ চনত বিশ্বজুৰি প্ৰায় ২৪ কোটি ১০ লাখ লোক মেলেৰিয়াত আক্ৰান্ত হৈছে । একে সময়তে ৬ লাখৰো অধিক লোকৰ মৃত্যু হৈছিল । ৰোগীসকলৰ ভিতৰত আফ্ৰিকা মহাদেশত বাস কৰা এক কোটিতকৈ অধিক গৰ্ভৱতী মহিলা আছিল, যাৰ ফলত জন্মৰ সময়ত ৮,১৯,০০০ কম ওজন থকা নৱজাতকৰ জন্ম হৈছিল ।

ভাৰতত হ্ৰাস পালে মেলেৰিয়া ৰোগী:মেলেৰিয়া ন’ ম’ৰ’(NGO 'Malaria No More') নামৰ বেচৰকাৰী সংস্থাটোৰ এক প্ৰতিবেদন অনুসৰি ২০১৫ চনৰ পৰা ভাৰতত মেলেৰিয়া ৰোগীৰ সংখ্যা ৮৬ শতাংশ হ্ৰাস পাইছে । ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও ২০১৫ চনৰ পৰা ২০২১ চনৰ ভিতৰত ৭৯ শতাংশ হ্ৰাস পাইছে ।

লগতে পঢ়ক:Malaria: জানি লওক মেলেৰিয়াৰ প্ৰকাৰ আৰু ইয়াৰ লক্ষণসমূহ

ABOUT THE AUTHOR

...view details