বিশ্ব শৌচালয় দিৱস বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰবিলাকত আজিও বহুস্ংখ্যক লোকৰ বাবে উপযুক্ত শৌচালয় নাই(World Toilet Day 2022) । বিশ্ব স্বাস্থ্য সংস্থাই যুগুতোৱা এক সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বত মুঠ দুশ কোটি ৪০ নিযুত মানুহৰ বাবে উন্নত অনাময় ব্যৱস্থা নাই অৰ্থাৎ পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰতি তিনিজনৰ ভিতৰত এজন লোক এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে । ইয়াৰ ভিতৰতে প্ৰায় এশ কোটি মানুহে (পুৰুষ-মহিলা উভয়ে)আজিও মুকলিতে নিত্যকৰ্ম কৰিবলগা হয়(Making the Invisible Visible) ।
পানীৰ ওপৰত থকা মানুহৰ অধিকাৰৰ দৰে অনাময় সুবিধাও মানুহৰ জন্মগত অধিকাৰ।অনাময় ব্যৱস্থাৰ অভাৱে মানুহৰ স্বাস্থ্য,সন্মান আৰু নিৰাপত্তাৰ বিঘ্নিত কৰে। একমাত্ৰ অনাময় ব্যৱস্থাৰ অভাৱৰ বাবে ভালেকেইবিধ সংক্ৰামক ৰোগ হয় আৰু ৰোগ সৃষ্টিকাৰী পৰজীৱীৰ সংক্ৰমণ ঘটে ।
মুকলিত শৌচ কৰাৰ ফলত মানুহৰ শৰীৰত পৰজীৱী কৃমিৰ সংক্ৰমণ,ডায়েৰিয়া আৰু তেজত মিহলি হৈ থকা চেপেটা পৰজীৱী কৃমিৰ সংক্ৰমণ ঘটে । তাৰোপৰি শিশুসকলৰ মাজত ক্ৰণিক পুষ্টিহীনতাই দেখা দিয়ে । মানুহৰ মলৰ সংস্পৰ্শলৈ অহাৰ পৰিণতিত পৰিৱেশজনিত ক্ষুদ্ৰান্তৰ ৰোগত ভোগাৰ ফলতে শিশুসকলৰ মাজত এনেধৰণৰ পুষ্টিহীনতা দেখা যায় । বিভিন্ন কাৰণত হোৱা ডায়েৰিয়া ৰোগৰ ৫৮ শতাংশই অনুপযুক্ত অনাময় ব্যৱস্থা আৰু পৰিচ্ছন্নতাৰ অভাৱৰ ফলত দুষিত হোৱা পানীৰ পৰা হয় ।
অৱশ্যে ভালদৰে চাবোনেৰে হাত নোধোৱাৰ অভ্যাসো এই ৰোগ হোৱাৰ অন্যতম কাৰণ(sanitation systems) । ২০১৩ চনৰ বছৰটোত দুষিত পানী,অনাময় ব্যৱস্থা আৰু পৰিচ্ছন্নতাৰ অভাৱৰ পৰিণতিত হোৱা ডায়েৰিয়া ৰোগত পাঁচ বছৰৰ তলৰ ৩ লাখ ৪০ হেজাৰ শিশুৰ মৃত্যু হৈছিল ।
উপযুক্ত অনাময় ব্যৱস্থা নিৰ্মাণ কৰি দিয়াৰ পিছত অৰ্থাৎ মানুহৰ মল,মানুহৰ সংস্পৰ্শ আৰু মুক্ত পৰিৱেশৰ পৰা আঁতৰত ৰখাৰ ফলত শিশুসকলৰ মাজত ডায়েৰিয়াৰ সংক্ৰমণ ৭ৰ পৰা ১৭ শতাংশলৈ কমি আহিল । পৰিষ্কাৰ পানী ব্যৱহাৰ কৰি যিমানবোৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি,শৌচালয় যোগান ধৰি তাৰ দুগুন সংখ্যক ৰোগৰ পৰা মানুহক বচাব পৰা যায় ।
শৌচালয় এটাৰ প্ৰয়োজনীয়তা দেখাত বৰ বেছি গুৰুত্বপুৰ্ণ যেন নেলাগিব পাৰে,কিন্তু প্ৰকৃতাৰ্থত মানুহক সুস্থ আৰু স্বাস্থ্যৱান কৰি ৰখাত শৌচালয় এটিৰ গুৰুত্ব অপৰিসীম । মুকলিত নিত্যকৰ্ম কৰা লোকৰ সন্মান আৰু নিৰাপত্তা বিঘ্নিত হয়।
বিশেষভাৱে উন্নয়নশীল দেশবিলাকৰ মহিলা আৰু যুৱতীসকলৰ ক্ষেত্ৰত এই কথা বিশেষভাৱে প্ৰযোজ্য।এওঁলোকে গোপনীয়তা হেৰুৱায় আৰু অপমানৰো সন্মুখীন হ’বলগা হয় । মহিলাসকলে মুকলিত নিত্যকৰ্ম কৰিবলগা হোৱাতকৈ গোটেই দিনটো পায়খানাৰ প্ৰৱণতা থাকিলেও নিৰৱে সহ্য কৰি সন্ধিয়াৰ পিছত আন্ধাৰ নমালৈ ৰৈ থাকিবলগা হয়।
উন্নয়নশীল অৰ্থাৎ অনগ্ৰসৰ কিছুমান দেশত মহিলাসকলে শৌচালয়লৈ গ’লে অসৎ লোকৰ উৎপীড়ন আৰু ধৰ্ষণ আদিৰ সন্মুখীন হোৱাৰ ভয়ত ঘৰ এৰি বাহিৰলৈ যাব নোখোজে । দক্ষিণ আফ্ৰিকাত গৱেষকসকলে লক্ষ্য কৰিলে যে তাঁত ৰাজহুৱা শৌচালয়ৰ সংখ্যা বৃদ্ধি কৰি জনবসতিৰ নিকটৱৰ্তী স্থানত সেইবিলাক নিৰ্মাণ কৰি দিয়াৰ পিছত তাৰ মহিলাসকলৰ ওপৰত যৌন উৎপীড়ন আৰু হিংসাত্মক আক্ৰমণৰ ঘটনা কমি আহিল ।
২০০০ চনৰ বছৰটোৰ পৰাই বিশ্বৰ সমাজসচেতন ব্যক্তি আৰু সংস্থা-সংগঠনবিলাকে নিৰাপদ শৌচালয়ৰ অভাৱৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু মুক্ত পৰিৱেশত শৌচ কৰা ব্যৱস্থাৰ অন্ত পেলাবলৈ ভালেমান ব্যৱস্থা গ্ৰহণ কৰি আহিছে ।