অসম

assam

ETV Bharat / sukhibhava

Stomach Pain: পেটৰ বিষৰ কাৰণ তথা প্ৰতিকাৰৰ উপায় জানো আহক - causes and treatment of Stomach Pain

দীৰ্ঘদিন ধৰি পেটৰ বিষৰ সমস্যাত ভুগি আছে নেকি ? কি কি কাৰণত পেটৰ বিষ হ'ব পাৰে ? কেনেদৰে পেটৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি এই সন্দৰ্ভত জনালে চিকিসক ডাঃ পাৰ্থ প্ৰতীম কলিতাই ৷

Stomach pain
পেটৰ বিষৰ কাৰণ তথা প্ৰতিকাৰৰ উপায় জানো আহক

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 6:14 PM IST

পেটৰ বিষৰ কাৰণ তথা প্ৰতিকাৰৰ উপায় জানো আহক

বৰ্তমান সময়ত প্ৰায়ভাগ লোকেই পেটৰ বিষত আক্ৰান্ত হোৱা দেখা যায় ৷ চিকিৎসকৰ ওচৰলৈ অহা ৰোগীৰ ভিতৰত পেটৰ বিষত ভোগা ৰোগীৰ সংখ্যা কম নহয় ৷ বহুতেই পেটৰ বিষত দীৰ্ঘদিন ধৰি ভুগি থাকিলেও অৱহেলা কৰে ৷ এনে সমস্যাত ভুগি থাকিলে কেতিয়াবা অৱহেলা কৰিব নালাগে ৷ কাৰণ বেছিদিন অৱহেলা কৰি থকাৰ ফলত বিপদ ঘনীভূত হ'ব পাৰে ৷

পেটৰ বিষৰ কাৰণ বা লক্ষণসমূহ কি কি ?

১)ওপৰৰ পেটত বিষ হ'লে গ’লব্লাডাৰৰ সমস্যা থাকিব পাৰে ৷ গ’লব্লাডাৰত ষ্ট'ন থাকিলে ফুলি উঠে ৷ এনে হ'লে হঠাতে অসহ্যকৰ বিষ অনুভৱ হ'ব পাৰে ৷

২)কোলাটাইটিছৰ বাবেও পেটৰ বিষ হোৱা দেখা যায় ৷

৩)ওপৰ পেটৰ বিষৰ আন এক কাৰণ হৈছে এচিড ৰিফ্লাক্স ৷ কেতিয়াবা খাদ্য নলীলৈকে এচিড উঠি আহিলে বিষ হ'ব পাৰে ৷ বমিও হ'ব পাৰে আৰু বুকুৰ জ্বলা-পোৰা কৰে ৷ এনে বোৰ কাৰণটো পেটৰ বিষ হোৱা দেখা যায় ৷

৪)লিভাৰ ফুলিলেও মৃদু পেটৰ বিষ অনুভৱ কৰিব পাৰে ৷ এনে হ'লে কেতিয়াবা সেই ব্যক্তিজনৰ বমি হোৱা,খাদ্য খাবলৈ মন নোযোৱা হোৱা দেখা যায় ৷ পিছলৈ জণ্ডিচ হোৱাৰ সম্ভাৱনা থাকে ৷

৫) অগ্নাশয় বা পেংক্ৰিয়াছ ফুলি উঠিলে ইয়াক কোৱা হয় পেংক্ৰিয়েটাইটিছ ৷ এনে হ'লেও পেট ফুলাৰ সমস্যাই দেখা দিয়ে ৷

৬)কিডনীত পাথৰ থাকিলেও পেট বিষায় ৷

৭) ৰাজহাড়ৰ ৰোগৰ বাবেও পেটৰ বিষ অনুভৱ হয় ৷ পিঠিৰ বিষটো পেটলৈ অহা যেন অনুভৱ হ'লেও প্ৰকৃততে এই বিষৰ মূল উৎস হৈছে পিঠি ৷

৮)কেতিয়াবা হাৰ্টৰ সমস্যাৰ বাবেও পেটৰ বিষ হ'ব পাৰে ৷

ইয়াৰোপৰি যদি কোনো ব্যক্তি দীৰ্ঘদিন ধৰি পেটৰ বিষ হৈ থাকে তেন্তে তেওঁ চিকিৎসাকৰ পৰামৰ্শ গ্ৰহণ কৰি পৰীক্ষা সমূহ কৰিব লাগে ৷

লগতে পঢ়ক:Dates Eating Benefits: দৈনিক মিঠাযুক্ত খাদ্যৰ পৰিবৰ্তে খাওক খেজুৰ; লাভ কৰিব এইসমূহ স্বাস্থ্য উপকাৰিতা

ABOUT THE AUTHOR

...view details