অসম

assam

ETV Bharat / sukhibhava

Durga Puja 2022:দেখিলেই লোভ লগা জেলেপীৰ উৎপত্তি ক'ৰ পৰা হৈছিল জানেনে - Durga Puja 2022

শাক্ত ধৰ্মালম্বী লোকৰ প্ৰাণৰ উৎসৱ তথা আৰাধ্যা দেৱী দুৰ্গাৰ আগমণকলৈ ৰাজ্যত এতিয়া এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । পূজাৰ বতৰত জেলেপী কাৰনো প্ৰিয় নহয় ৷ দুগোৎসৱ আৰু জেলেপী ইটোৱে আনটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ৷ কিন্তু আপুনি ভালপোৱা জেলেপীৰ উৎপত্তি ক'ৰ পৰা হৈছিল জানেনে ৷ জেলেপীত কিয় পাঁচটা পাক দি তৈয়াৰ কৰা হয় পঢ়ক সবিশেষ...

Learn about the history of jalebi during Durga Puja
দেখিলেই লোভ লগা জেলেপীৰ উৎপত্তি ক'ৰ পৰা হৈছিল জানেনে

By

Published : Sep 25, 2022, 12:24 PM IST

Updated : Sep 25, 2022, 1:43 PM IST

শাক্ত ধৰ্মালম্বী লোকৰ প্ৰাণৰ উৎসৱ তথা আৰাধ্যা দেৱী দুৰ্গাৰ মৰ্ত্যলৈ আগমণকলৈ ৰাজ্যত এতিয়া এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । আজি মহালয়া (Mahalaya 2022)। পিতৃপক্ষৰ অৱসানত দেৱীপক্ষৰ সূচনা ।

শাৰদীয় দুৰ্গোৎসৱ আহিলেই প্ৰতিগৰাকী লোকৰ বাবে সুস্বাদু মিঠাই জেলেপী হৈ পৰে অতি আপোন ৷ কিয়নো প্ৰতিগৰাকী লোকেই খাই ভাল পায় জেলেপী ৷ জেলেপী হৈছে এনে এবিধ সুস্বাদু মিঠাই যাৰ নাম ক'লেই মানুহৰ মুখলৈ পানী আহে । সমগ্ৰ দেশত হয়তো এনে কোনো মানুহ নাই যিয়ে জেলেপী খাই বেয়া পায় ! বিশেষকৈ পশ্চিমবংগৰ বিভিন্ন মেলাৰ এক অপৰিহাৰ্য অংগ হৈছে জেলেপী । দুগোৎসৱ আৰু জেলেপী ইটোৱে আনটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ৷ কিন্তু আপুনি ভালপোৱা জেলেপীৰ উৎপত্তি ক'ৰ পৰা হৈছিল জানেনে ৷

ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত জেলেপী তৈয়াৰ কৰে যদিও পশ্চিমবংগৰ জেলেপীৰ চাহিদা কিন্তু দেশৰ ভিতৰতে শীৰ্ষত আছে । কেতিয়াৰ পৰা জেলেপী তৈয়াৰ কৰা হৈছিল , সেইলৈ বিভিন্ন মতান্তৰ আছে যদিও বিভিন্ন তথ্যসূত্ৰে জানিব পৰা যায় যে , প্ৰথম জেলেপীৰ আৱিষ্কাৰ আজিৰ পৰা ৬০০ বছৰৰ আগত হৈছিল(Learn about the history of jalebi during Durga Puja) ।

আৰৱ , ‘অক্সফ’ৰ্ড কম্পানিয়ন টু ফুড‘ত জেলেপীৰ কথা উল্লেখ কৰি ত্ৰয়োদশ শতাব্দীতে মহম্মদ বিন হাছানে আল বাগদাদি ৰচিত এক লিখনীত জেলেপীৰ কথা উল্লেখ কৰিছিল, অৰ্থাৎ আৰৱ , মধ্যপ্ৰাচ্যৰ খাদ্যবিষয়ক গৱেষক ক্ল’ডিয়া ৰডেনেৰ দাবী যে, ত্ৰয়োদশ শতিকাৰ পূৰ্বেই হানুক্কাহ শীৰ্ষক এক অনুষ্ঠানত মিছৰৰ ইহুদীৰ ‘জালাবিয়া’ নামৰ এক মিষ্টি তৈয়াৰ কৰিছিল ।

কালক্ৰমত এই জালাবিয়াই জেলেপীৰ ৰূপ লয় । ১৪০০-১৫০০ শতিকাতে ভাৰতত জেলেপীৰ প্ৰচলন হৈছিল । যাৰ নাম আছিল ‘কুণ্ডলিকা’ বা ‘জলবল্লিকা’ । আৰৱৰ একাংশ গৱেষকৰ মতে, মোগল সম্ৰাট জাহাংগীৰে দৰবাৰত ‘জাহাংগীৰা ‘ অথবা জেলেপী প্ৰথম প্ৰস্তুত কৰা হয় । পিছত পশ্চিমবংগত আৰু এনেকৈয়েই সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰে ।

জেলেপী সাধাৰণতে ময়দা আৰু গুৰৰ মিশ্ৰণ দি প্ৰস্তুত কৰা হয় । পাঁচটা পাক দি তৈয়াৰ কৰা এই জেলেপী পিছত তেলত ভাজি চেনীৰ ৰসত ডুবাই তৈয়াৰ কৰা হয় । জেলেপীৰ এই পাঁচ পাক দিয়াৰ অৰ্থ হৈছে যে , ইয়াৰদ্বাৰা মানুহৰ জটিল মানসিকতাৰ তুলনা কৰা হয় ।

যদিও জেলেপীৰ আকৃতিৰ এই কাৰণ সম্পৰ্কে স্পষ্টকৈ জানিব পৰা নাযায় যদিও বিভিন্ন তথ্য অনুসৰি এই মিঠাইক বিশেষভাৱে পৰিচয় দিবৰ বাবেই পাঁচ পাক দি তৈয়াৰ কৰা হয় বুলিও প্ৰচলিত ধাৰণা আছে । আনহাতে আৰৱ দেশৰ প্ৰচলিত ধাৰণা অনুসৰি জেলেপী দীঘলকৈ তৈয়াৰ কৰিলে বেছি ঠাই লাগিব আৰু ভাঙি যোৱাৰ সম্ভাৱনা থকাৰ কাৰণে ইয়াক পাঁচ পাক দি তৈয়াৰ কৰা হয় ।

লগতে পঢ়ক:কম খৰচতে কৰক উত্তৰ-পূব ভাৰতৰ কিছু মনোমোহা ঠাইৰ ভ্ৰমণ

Last Updated : Sep 25, 2022, 1:43 PM IST

ABOUT THE AUTHOR

...view details