সুস্থ শৰীৰ আৰু উন্নত স্বাস্থ্যৰ বাবে দৈনিক প্ৰচুৰ পৰিমাণে পানী খোৱাটো প্ৰয়োজনীয় । যিহেতু গ্ৰীষ্মকালত শৰীৰ পৰা অধিক ঘাম ওলাই, সেয়েহে পানীৰ প্ৰয়োজনীয়তা আৰু বাঢ়ি যায় । পানী স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী, কিন্তু ভুল সময়ত পান কৰিলেও শৰীৰত বহু সমস্যাৰ সৃষ্টি হয় । যদি আপুনিও ভুল সময়ত পানী সেৱন কৰে, তেন্তে আপুনি কেৱল হজম শক্তিৰ লগত জড়িত সমস্যাৰ সন্মুখীন হোৱাই নহয়, মেদবহুলতা আৰু কোষ্ঠকাঠিন্যৰ দৰে ৰোগেও আপোনাক আগুৰি ধৰিব পাৰে।
পানীৰ পৰা অপৰিসীম উপকাৰ পাবলৈ হ’লে পানী খোৱাৰ সঠিক সময় জনাটো অত্যন্ত জৰুৰী । কিন্তু তাৰ আগতে আপুনি নিশ্চয় জানিব লাগিব যে পানী খোৱাৰ ভুল সময় কি । গতিকে জানো আহক...
পানী খোৱাৰ আটাইতকৈ বেয়া সময়
বহুতে খাদ্য খোৱাৰ অলপ পিচতেই পানী সেৱন কৰে ৷ একাংশ লোকে খাদ্য খোৱাৰ সময়তে পানী খাবলৈ আৰম্ভ কৰে । যদি আপুনিও একেধৰণৰ ভুল কৰে তেন্তে আজিৰ পৰাই বন্ধ কৰক। কাৰণ ইয়াৰ বাবে আপুনি হয়তো বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে ।
কেতিয়া পানী খোৱা উচিত নহয় ?
১) শুই উঠাৰ লগে লগে পানী খাব নালাগে।
২) খোৱাৰ পিচত লগে লগে পানী খাব নালাগে।