অসম

assam

ETV Bharat / sukhibhava

Malaria: জানি লওক মেলেৰিয়াৰ প্ৰকাৰ আৰু ইয়াৰ লক্ষণসমূহ - মেলেৰিয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়

বাৰিষা কালত মেলেৰিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । এই ৰোগৰ ফলত ৰোগীয়ে জ্বৰ আৰু শৰীৰৰ বিষত ভুগে । WHOৰ তথ্য অনুসৰি দেশত প্ৰতি বছৰে ২,০৫ হাজাৰ লোকে এই ৰোগৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয় । সাধাৰণতে, আক্ৰান্ত মহৰ কামোৰৰ দ্বাৰা এই ৰোগ সংক্ৰমিত হয় । শিশুৱেই হওক বা বৃদ্ধই হওক, এই ৰোগে যিকোনো ব্যক্তিক আক্ৰান্ত কৰিব পাৰে ।

know types of malaria and its symptoms
জানি লওক মেলেৰিয়াৰ প্ৰকাৰ আৰু ইয়াৰ লক্ষণসমূহ

By

Published : Oct 12, 2022, 9:09 PM IST

বাৰিষা কালত মেলেৰিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । এই ৰোগৰ ফলত ৰোগীয়ে জ্বৰ আৰু শৰীৰৰ বিষত ভুগে(malaria and its symptoms) । WHOৰ তথ্য অনুসৰি দেশত প্ৰতি বছৰে ২,০৫ হাজাৰ লোকে এই ৰোগৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয় । সাধাৰণতে, আক্ৰান্ত মহৰ কামোৰৰ দ্বাৰা এই ৰোগ সংক্ৰমিত হয় । শিশুৱেই হওক বা বৃদ্ধই হওক, এই ৰোগে যিকোনো ব্যক্তিক আক্ৰান্ত কৰিব পাৰে(Malaria symptoms) ।

মহৰ কামোৰৰ জৰিয়তে মেলেৰিয়া বিয়পে । এই ভাইৰাছ এন'ফিলিছ নামৰ সংক্ৰমিত মাইকী মহৰ কামোৰৰ জৰিয়তে শৰীৰত বিয়পি পৰে । এই মহত এক বিশেষ ধৰণৰ বেক্টেৰিয়া পোৱা যায়, যাক চিকিৎসা ভাষাত Plasmodium বুলি কোৱা হয় ।

মেলেৰিয়াৰ লক্ষণসমূহ কি কি ?

  • বাৰে বাৰে জ্বৰ হোৱা

মেলেৰিয়াত ৰোগীৰ তীব্ৰ জ্বৰ হয়, যিটো তিনিদিনতকৈ অধিক সময় থাকিব পাৰে ।

  • হাত-ভৰি অজ্ঞান হৈ পৰা

এই সমস্যা থাকিলে চেৰিব্ৰেল মেলেৰিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । ইয়াৰ অত্যধিক প্ৰভাৱৰ বাবে হাত ভৰিত অদ্ভুত ক্ৰেম্প অনুভৱ হয় । শিশুৰ ক্ষেত্ৰত যদি এই ৰোগ হয়, তেন্তে তাৰ মানসিক বিকাশো বন্ধ হ’ব পাৰে ।

  • মূৰৰ বিষৰ সৈতে জ্বৰ

আক্ৰান্ত মহে কামোৰাৰ ৬ৰ পৰা ১৪ দিনৰ পিছত লক্ষণ দেখা দিয়ে । দ্ৰুত মূৰৰ বিষৰ সৈতে জ্বৰ হ’ব পাৰে ।

  • জ্বৰৰ সৈতে ঠাণ্ডা লগা

এই ৰোগৰ প্ৰধান লক্ষণ । জ্বৰৰ লগে লগে তীব্ৰ ঠাণ্ডাও থাকে । বিশেষজ্ঞসকলৰ মতে এই জ্বৰ প্ৰায় ৫-৬ ঘণ্টা ধৰি থাকে আৰু তাৰ পিছত ঘামচি ওলোৱাৰ পিছত কমি যায়।

  • ৰঙা চকু

এই ৰোগত চকু ৰঙা পৰাৰ লগতে ইহঁতৰ মাজতো জ্বলা-পোৰা অনুভৱ কৰিব পাৰি। যদি এই লক্ষণবোৰ অব্যাহত থাকে তেন্তে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।

  • মলত তেজ

মেলেৰিয়াকে ধৰি শৌচত তেজ ওলোৱাৰ বহু কাৰণ হ’ব পাৰে ৷ সেইবাবে যদি শৌচত তেজ ওলায় তেন্তে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

  • মেলেৰিয়াৰ প্ৰকাৰ

প্লাজমোডিয়াম ফালচিপেৰাম (P falciparum)

ইয়াত ৰোগী অচেতন হৈ পৰে। মূৰৰ বিষত ঠাণ্ডা অনুভৱ কৰিবলৈ আৰম্ভ কৰে আৰু অবিৰতভাৱে বমি কৰিবলৈ ধৰে। তদুপৰি জ্বৰ হোৱাৰ সম্ভাৱনা আছে।

  • প্লাজমোডিয়াম মেলেৰিয়া (P. malariae)

এই মেলেৰিয়া Plasmodium falciparum তকৈ বেছি বিপদজনক নহয় । ইয়াত ৰোগীৰ প্ৰতি চতুৰ্থ দিনৰ মূৰে মূৰে জ্বৰ হ’বলৈ ধৰে আৰু তেওঁৰ প্ৰস্ৰাৱৰ পৰা প্ৰ’টিন ওলাবলৈ ধৰে । যাৰ ফলত শৰীৰত প্ৰটিনৰ অভাৱ হয় ।

  • প্লাজমোডিয়াম ভিভাক্স (P. vivax)

মেলেৰিয়া ৰোগত আক্ৰান্ত প্ৰায়বোৰ ৰোগীৰ ক্ষেত্ৰত এই ধৰণৰ পোৱা যায় । ইয়াত ৰোগীয়ে কঁকালৰ বিষ, হাতৰ বিষ, ভৰিৰ বিষ, উচ্চ জ্বৰ, ভোক নলগা আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ।

  1. প্লাজমোডিয়াম অভেল (P. ovale)
  2. ইয়াৰ ফলত শৰীৰত টাৰ্চিয়ান মেলেৰিয়া হয়
  3. প্লাজমোডিয়াম নোলেছি (P. knowlesi)
  4. প্লাজমোডিয়াম ভিভাক্স (P. vivax)

মেলেৰিয়া ৰোগত আক্ৰান্ত প্ৰায়বোৰ ৰোগীৰ ক্ষেত্ৰত এই ধৰণৰ পোৱা যায় । ইয়াত ৰোগীয়ে কঁকালৰ বিষ, হাতৰ বিষ, ভৰিৰ বিষ, উচ্চ জ্বৰ, ভোক নলগা আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ।

প্লাজমোডিয়াম অভেল (P. ovale)

ইয়াৰ ফলত শৰীৰত টাৰ্চিয়ান মেলেৰিয়া হয় ।

প্লাজমোডিয়াম নোলেছি (P. knowlesi)

এই ৰোগত আক্ৰান্ত ব্যক্তিজনৰ ঠাণ্ডা হোৱাৰ লগতে জ্বৰ হ’বলৈ ধৰে । ইয়াত মূৰৰ বিষ, ভোক নলগা আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ।

লগতে পঢ়ক:মেলেৰিয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানীসকলৰ নতুন পদ্ধতিৰ উদ্ভাৱন

ABOUT THE AUTHOR

...view details