বৃক্ক আমাৰ শৰীৰৰ এক অপৰিহাৰ্য অংগ, ইয়াৰ প্ৰধান কাম হ’ল শৰীৰৰ দূষিত পদাৰ্থ ফিল্টাৰ কৰা । যদি ইয়াত কোনো ধৰণৰ সমস্যা হয়, তেন্তে আমি অসুস্থ হ’ব পাৰো, লগতে বৃক্কত তীব্ৰ বিষ হ’ব পাৰে । বহু সময়ত বৃক্ক বিকল হোৱাৰ বাবে মেচিনৰ জৰিয়তে ডায়েলাইছিছ কৰিবলগীয়া হয়, তেতিয়াহে বিষাক্ত পদাৰ্থ শৰীৰৰ পৰা ওলাই আহিব পাৰে । বৃক্কৰ ৰোগৰ ডাঙৰ সমস্যাটো হ’ল ই বহু পলমকৈ ধৰা পৰে । কিন্তু কিছুমান গুৰুত্বপূৰ্ণ লক্ষণৰ জৰিয়তে সময়মতে বৃক্কৰ ৰোগৰ আশংকা চিনাক্ত কৰিব পৰা যায় ।
বৃক্কৰ ৰোগৰ সতৰ্কবাণী চিন
১/ প্ৰস্ৰাৱৰ ৰং সলনি হয়
আমি কোৱাৰ দৰে বৃক্কৰ প্ৰধান কাম হ’ল শৰীৰত উপস্থিত থকা তৰল পদাৰ্থবোৰ ফিল্টাৰ কৰা, যদি ইয়াৰ কাৰ্যত সামান্য সমস্যা হয়, তেন্তে ইয়াৰ প্ৰভাৱ প্ৰস্ৰাৱৰ ৰঙত স্পষ্টকৈ দেখা যায় । ইয়াত প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া, প্ৰস্ৰাৱত ফেন, সঘনাই প্ৰস্ৰাৱ কৰা ইত্যাদি । এনে পৰিস্থিতিত তৎক্ষণাত প্ৰস্ৰাৱ পৰীক্ষা কৰাব লাগে ।
২/ ক্লান্তি