অসম

assam

Health Tips: পেটৰ সৈতে জড়িত যিকোনো সমস্যাৰ পৰা সকাহ দিব এইবিধ মছলাই

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 5:30 PM IST

যদি পেটত কোনো সমস্যা হয় তেন্তে আনকি দৈনন্দিন কামো কঠিন হৈ পৰে, সেয়েহে আপুনি ঘৰতে উপলব্ধ এইবিধ মছলাৰ সহায় ল’ব পাৰে ৷

Is asafoetida good for upset stomach?
আপোনাৰ পেটৰ সৈতে জড়িত যিকোনো সমস্যাৰ পৰা সকাহ দিব এইবিধ মছলাই

বহু সময়ত আমি হয় প্ৰয়োজনতকৈ অধিক খাদ্য খাও নতুবা অত্যধিক তেলীয়া খাদ্য খাও, যাৰ বাবে আমি পেটৰ বিষ, কোষ্ঠকাঠিন্য, এচিডিটি আৰু গেছৰ সমস্যাত ভুগিবলগীয়া হয় ৷ পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বহুবাৰ ফাৰ্মাচীত উপলব্ধ ঔষধৰ সহায় লও, কিন্তু ইচ্ছা কৰিলে পাকঘৰত ৰখা এবিধ মছলাৰ দ্বাৰাও আমি আমাৰ পেটৰ সকলো সমস্যা দূৰ কৰিব পাৰো ৷

হিঙৰ জৰিয়তে পেটৰ বিষ কেনেকৈ উপশম কৰিব পাৰি ?

আমি ক’বলৈ লৈছো হিঙৰ কথা, ই এনে এবিধ মছলা যিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে, ই কেৱল পেটৰ বাবেই নহয় হৃদযন্ত্ৰ আৰু দাঁতৰ সৈতে জড়িত সমস্যাৰ বাবেও এক অতি গুণকাৰী ঘৰুৱা ঔষধ ৷ ই কফ, অন্ত্ৰ আৰু পিত্তৰ কাৰ্য উন্নত কৰে, যিয়ে পিত্ত দোষৰ ভাৰসাম্য ৰক্ষা কৰে আৰু সঠিক হজম শক্তি বজাই ৰখাত সহায় কৰে ৷

১/ হিং আৰু গৰম পানী

হিং পেষ্ট পেটৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াৰ বাবে এই মছলাবিধ গৰম পানীৰ লগত মিহলাই পেষ্ট প্ৰস্তুত কৰি নাভিৰ চাৰিওফালে লাহে লাহে মালিচ কৰক ৷ দেখিব আপুনি পেটৰ প্ৰতিটো সমস্যাৰ পৰা আপুনি সকাহ পাব ৷

লগতে পঢ়ক:Side effects Of Rice: যদি আপুনি দৈনিক ভাত খায় তেন্তে জানি লওক এই সন্দৰ্ভত কি কয় বিশেষজ্ঞই

২/ হিং আৰু দেশী ঘিউ

হিং আৰু দেশী ঘিউৰ সংমিশ্ৰণ পেটৰ বাবে উপকাৰী, ই গেছ আৰু ক্ৰেম্প বা বিষ কম কৰে ৷ ইয়াৰ বাবে হিং এচিকুট লৈ দেশী ঘিউৰে গৰম কৰি নাভিৰ চাৰিওফালে লাহে লাহে লগাব লাগে ৷ কিছু সময়ৰ পাছত নিজে নিজে সকাহ লাভ কৰিব ৷

৩/ হিং সৰিয়হৰ তেল

সৰিয়হ তেল আৰু হিং মিহলাই পেটত লগালে পেটৰ বিষ, গেছ, কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায় ৷ এই দুয়োবিধ সামগ্ৰীৰ মিশ্ৰণ বৃত্তাকাৰ গতিৰে ঘূৰাই পেটত লগাব লাগে ৷ যদি টেঙা পানীৰ গেছ অহা যেন অনুভৱ হয় তেন্তে বুকুৰ পৰা পেটৰ ফাললৈ মালিচ কৰিব ৷

লগতে পঢ়ক:Benefits of Smiling: এই প্ৰতিবেদন পঢ়াৰ পিছত আপুনিও নিশ্চয় ক’ব হাঁহিয়েই জীৱনৰ মূলমন্ত্ৰ

লগতে পঢ়ক:Tongue Taste Change: হঠাৎ জিভাৰে সোৱাদ নোপোৱা হ’লে আওকাণ নকৰিব; হ’ব পাৰে এইসমূহ ৰোগ

ABOUT THE AUTHOR

...view details