অসম

assam

ETV Bharat / sukhibhava

অপৰ্যাপ্ত টোপনিৰ ফলত দেখা দিব পাৰে এই সমূহ সমস্যা - অপৰ্যাপ্ত টোপনি

অপৰ্যাপ্ত টোপনি কিশোৰ-কিশোৰীৰ বাবে হ'ব পাৰে বিভিন্ন সমস্যাৰ কাৰণ(Insufficient sleep in teenagers linked to overweight) ৷ টোপনি ভালদৰে গ্ৰহণ নকৰিলে কি কি সমস্যাৰ সন্মূখীন হ'ব পাৰে আজিয়েই জানি লওক ৷

Insufficient sleep in teenagers linked to overweight, obesity, says study
অপৰ্যাপ্ত টোপনিৰ ফলত দেখা দিব পাৰে এই সমূহ সমস্যা

By

Published : Aug 26, 2022, 1:40 PM IST

টোপনি শৰীৰৰ বাবে স্বাভাৱিক আৰু গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া ৷ গভীৰ টোপনিৰ দ্বাৰা শৰীৰৰ অংগ প্ৰত্যংগসমূহ লগতে মগজুৱে জিৰণি লাভ কৰে ৷ কিন্তু ব্যস্ততাৰে ভৰা মানুহৰ জীৱনত টোপনিৰ পৰিমাণ যেন দিনক-দিনে কমি অহা দেখা গৈছে ৷ এক অধ্যয়ন মতে, যিসকল কিশোৰ-কিশোৰী ৰাতি আঠ ঘণ্টাতকৈ কম সময় শুৱে তেওঁলোকৰ ওজন বা মেদবহুল হোৱাৰ সম্ভাৱনা পৰ্যাপ্ত পৰিমাণে টোপনি মৰাসকলতকৈ বেছি (Insufficient sleep in teenagers linked to overweight) ৷

শেহতীয়াকৈ ই এছ চি কংগ্ৰেছ ২০২২ ত উপস্থাপন কৰা এক অধ্যয়নত দেখা গৈছে যে, কমকৈ টোপনি অহা লোকসকলৰ অন্যান্য অস্বাস্থ্যকৰ বৈশিষ্ট্যৰ সংমিশ্ৰণ হোৱাৰ সম্ভাৱনাও অধিক, যেনে অতিৰিক্ত চৰ্বি, উচ্চ ৰক্তচাপ আৰু অস্বাভাৱিক তেজৰ লিপিড (লিপিড হৈছে গধুৰ পদাৰ্থ যিবোৰত পোৱা যায় কলা আৰু তেজত) আৰু গ্লুক'জৰ মাত্ৰা বৃদ্ধি পোৱা (less than eight hours a night) ৷

স্পেনিছ নেচনেল চেণ্টাৰ ফৰ কাৰ্ডিঅ’ভাস্কুলাৰ ৰিচাৰ্চ (CNIC)ৰ গৱেষক জিছুছ মাৰ্টিনেজ গোমেজে কয় যে, আমাৰ অধ্যয়নে এয়ে দেখুৱাইছে যে, অধিকাংশ কিশোৰে পৰ্যাপ্ত জিৰণি নাপায় আৰু ইয়াৰ সৈতে অতিৰিক্ত ওজন আৰু মেদবহুলতাৰ সম্পৰ্ক আছে, যিয়ে ওজন বৃদ্ধি আৰু ভৱিষ্যতে হ'ব পৰা সমস্যাৰ সৃষ্টি কৰে এই অধ্যয়নৰ বাবে দলটোৱে ১২২৯ জন লোকৰ সৈতে কৈশোৰ কালত টোপনিৰ সময় আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিছিল ।

এই গৱেষণাত অংশগ্ৰহণকাৰীৰ গড় বয়স ১২ বছৰ হোৱা ল’ৰা-ছোৱালী উভয়ৰে ওপৰত কৰা হৈছিল । ১২, ১৪ আৰু ১৬ বছৰ বয়সত প্ৰতিজন অংশগ্ৰহণকাৰীৰ তিনিবাৰকৈ পিন্ধিব পৰা এক্টিভিটি ট্ৰেকাৰৰ সহায়ত সাত দিনৰ বাবে টোপনি পৰিমাণ জুখিছিল । অনুকূল স্বাস্থ্যৰ বাবে আমেৰিকান একাডেমী অৱ স্লিপ মেডিচিনে(American Academy of Sleep Medicine) ৬ৰ পৰা ১২ বছৰ বয়সৰ বাবে প্ৰতি নিশা ৯ৰ পৰা ১২ ঘণ্টা আৰু ১৩ৰ পৰা ১৮ বছৰ বয়সৰ বাবে ৮ৰ পৰা ১০ ঘণ্টা টোপনিৰ পৰামৰ্শ দিয়ে । বিশ্লেষণটো সৰল কৰিবলৈ অধ্যয়নটো ৮ ঘণ্টা বা তাতকৈ অধিক সময়ৰ বাবে অনুকূলভাৱে ব্যৱহাৰ কৰা হৈছিল ।

অংশগ্ৰহণকাৰীসকলক দুৰ্বল টোপনি অহা (৭ ঘণ্টাৰ কম) আৰু উৎকৃষ্ট টোপনি অহা (৮ ঘণ্টা বা তাতকৈ অধিক) হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল । বডি মাছ ইনডেক্স অনুসৰি অতিৰিক্ত ওজন আৰু মেদবহুলতা নিৰ্ণয় কৰা হৈছিল । গৱেষকসকলে ঋণাত্মক (স্বাস্থ্যকৰ)ৰ পৰা ধনাত্মক (অস্বাস্থ্যকৰ) মানলৈকে এক অবিৰত বিপাকীয় চিনড্ৰমৰ স্ক’ৰ গণনা কৰিছিল য’ত কঁকালৰ পৰিধি, ৰক্তচাপ, আৰু তেজত গ্লুক’জ আৰু লিপিডৰ মাত্ৰা অন্তৰ্ভুক্ত কৰা হৈছিল ।

১২ বছৰ বয়সত অংশগ্ৰহণকাৰীসকলৰ মাত্ৰ ৩৪ শতাংশইহে নিশা কমেও ৮ ঘণ্টা শুইছিল, ১৪ আৰু ১৬ বছৰ বয়সত ক্ৰমে ২৩ শতাংশ আৰু ১৯ শতাংশলৈ হ্ৰাস পাইছিল । এই অধ্যয়নত কৰোতে গৱেষকসকলে কয় যে পুৰুষসকলে কমকৈ টোপনি গ্ৰহণ কৰিছিল । যিসকল কিশোৰ-কিশোৰী আছিল সেই সকলে কিছু বেছি পৰিমাণে শুইছিল তেওঁলোকৰ টোপনিৰ মানদণ্ড ভাল আছিল, অৰ্থাৎ তেওঁলোকে শুই থকা সময়ছোৱাত ৰাতি কমকৈ সাৰ পাইছিল । ১২, ১৪ আৰু ১৬ বছৰ বয়সত অতিৰিক্ত ওজন/মেদবহুলতাৰ প্ৰাদুৰ্ভাৱ ক্ৰমে ২৭ শতাংশ, ২৪ শতাংশ আৰু ২১ শতাংশ আছিল ।

লগতে পঢ়ক :দীৰ্ঘদিনীয়া মূৰৰ বিষ হ’ব পাৰে Brain cystৰ লক্ষণ

ABOUT THE AUTHOR

...view details