অসম

assam

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 4:15 PM IST

ETV Bharat / sukhibhava

Okra Water Benefits: চুলি সৰাৰ সমস্যা হ’ব দূৰ; কেৱল ব্যৱহাৰ কৰক ভেন্দি ভিজোৱা পানী

বৰ্তমান সময়ত বহুলোকেই চুলি সৰা আৰু শুকান চুলিৰ সমস্যাৰ সৈতে যুঁজি আহিছে । চুলি দুৰ্বল হোৱাৰ বহু কাৰণ থাকিব পাৰে । বহু সময়ত ভুল খাদ্যাভ্যাস আৰু ৰাসায়নিক পদাৰ্থ থকা চুলিৰ সামগ্ৰী ব্যৱহাৰেও চুলি সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰে । এনে পৰিস্থিতিত ভেন্দি ভিজোৱা পানী ব্যৱহাৰ কৰি আপুনি অতি সহজে চুলিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে ।

Include lady finger Okra Water in hair care, hair will become silky and strong
চুলি সৰাৰ সমস্যা হ’ব দূৰ; কেৱল ব্যৱহাৰ কৰক ভেন্দি ভিজোৱা পানী

ভেন্দিয়ে স্বাস্থ্যৰ বাবে বহু উপকাৰিতা সাধন কৰে, কিন্তু আপুনি জানেনে যে ভেন্দি চুলিৰ বাবেও অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে । দৰাচলতে ভেন্দি ব্যৱহাৰ কৰিলে চুলি সৰা, চুলি চিগা, নিৰ্জীৱ চুলি আদি সমস্যাৰ পৰা মুক্তি পাব পৰা যায় । ই বহু পুষ্টিকৰ উপাদানৰ ভঁৰাল । য’ত ভিটামিন-এ, ভিটামিন-চি আৰু ভিটামিন-কে পোৱা যায় । ইয়াৰ উপৰিও ইয়াত কেলচিয়াম, মেগনেছিয়াম আৰু আইৰণ আদিও পোৱা যায়, যি চুলিক সুস্থ কৰি ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান হিচাপে গণ্য কৰা হয় ।

দৈনিক ভেন্দি ভিজোৱা পানী ব্যৱহাৰ কৰিলে চুলিৰ গুৰি শক্তিশালী হয়, যাৰ ফলত চুলিৰ সৈতে জড়িত সমস্যা দূৰ হয় । ইয়াৰ বাহিৰেও ইয়াত থকা ভিটামিনে চুলিক ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰে । সেয়ে জানো আহক, চুলিৰ বাবে ভেন্দি ভিজোৱা পানী ব্যৱহাৰ কৰিলে কি কি উপকাৰিতা সাধন হয় ।

  • চুলিৰ গুৰি শক্তিশালী হয়

দৈনিক ভেন্দি ভিজোৱা পানী ব্যৱহাৰ কৰিলে চুলি মজবুত হয় ৷ ইয়াত উপস্থিত থকা গুণাগুণে চুলিক ভিতৰৰ পৰা পুষ্টি দিয়ে ।

প্ৰাকৃতিক কণ্ডিচনাৰ

ভেন্দিৰ পানীয়ে চুলিৰ বাবে প্ৰাকৃতিক কণ্ডিচনাৰ হিচাপে কাম কৰে । যাৰ বাবে চুলিবোৰ কোমল, মসৃণ হৈ পৰে আৰু কম জটিল হৈ পৰে ।

  • মূৰৰ ছালখন সুস্থ কৰি ৰাখক

ভেন্দি ভিজোৱা পানীত থকা এন্টি-ইনফ্লেমেটৰী গুণে মূৰৰ ছালখন সুস্থ কৰি ৰাখে, যাৰ ফলত উফি আৰু খজুৱতি আদিৰ পৰা সকাহ পাব পাৰে ।

  • কলাজেন উৎপাদনত সহায় কৰে

ভেন্দিত থকা ভিটামিন চিয়ে কলাজেন উৎপাদনত সহায় কৰে, যাৰ ফলত চুলি শক্তিশালী হয় আৰু চুলি চিগাৰ সম্ভাৱনা দূৰ হয় । চুলি বৃদ্ধি হোৱাত সহায় কৰে ৷

  • ৰক্ত সঞ্চালন

ভেন্দি ভিজোৱা পানী মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যাৰ ফলত চুলি বৃদ্ধি হোৱাত সহায় হয় ।

  • চুলি সৰাৰ পৰা ৰক্ষা কৰক

ভেন্দি ভিজোৱা পানী ব্যৱহাৰ কৰিলে চুলি সৰা কম হয় । ইয়াৰ ব্যৱহাৰে চুলিৰ গুৰিবোৰ মজবুত কৰে, যাৰ ফলত চুলি সৰাৰ সমস্যা দূৰ হয় ।

  • চিকচিকিয়া চুলিৰ বাবে

ভেন্দি ভিজোৱা পানীয়ে চুলিৰ উজ্বলতা ঘূৰাই আনে । যদি আপোনাৰ চুলিৰ উজ্বলতা নাইকিয়া হৈছে তেন্তে আপুনি দৈনিক ভেন্দি ভিজোৱা পানী ব্যৱহাৰ কৰিব পাৰে ।

লগতে পঢ়ক:Soaked Cashew Benefits: হজম শক্তিৰ পৰা হৃদযন্ত্ৰ সুস্থ কৰি ৰখালৈকে কাজু তিয়াই খোৱাৰ ৬টা ডাঙৰ উপকাৰিতা

ABOUT THE AUTHOR

...view details