অসম

assam

Eye Care Tips: যদি আপুনি আপোনাৰ চকুক সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে আজিয়েই পৰিহাৰ কৰক এই খাদ্য

By

Published : Aug 18, 2023, 7:30 PM IST

বাৰিষাকালত সাধাৰণতে আই ফ্লু বা কনজাংকটিভাইটিছ ৰোগ হোৱা দেখা যায় । চিকিৎসকৰ ভাষাত এই ৰোগক কনজাংকটিভাইটিছ বুলি কোৱা হয় । ইয়াক গোলাপী চকুৰ সংক্ৰমণ বুলিও কোৱা হয় । আই ফ্লুৰ প্ৰধান লক্ষণসমূহ হ’ল চকুত জ্বলা-পোৰা, ফুলা আৰু ৰঙা পৰা । যদি আপুনিও এই সমস্যাৰ বাবে অসুবিধাত ভুগিছে, তেন্তে কিছুমান খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে ।

If you want to keep your eyes healthy, then exclude these foods from your diet today
যদি আপুনি আপোনাৰ চকুক সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে আজিয়েই পৰিহাৰ কৰক এই খাদ্য

কনজাংকটিভাইটিছ অৰ্থাৎ আই ফ্লু বাৰিষাকালত হোৱা এটি সাধাৰণ ৰোগ । যাৰ বাবে চকু দুটা ৰঙা হৈ পৰে । ইয়াৰ বাহিৰেও চকুত খজুৱতি আৰু পানী ওলোৱাৰ সমস্যা দেখা যায় । চকুত কেটেৰেক জমা হোৱাৰ বাবে ৰাতিপুৱা চকু মেলিবলৈ অসুবিধা হয় । এনে অৱস্থাত চকু ফুলি উঠা যেন লাগে আৰু ব্যক্তিজনে বেছি পোহৰত যাবলৈ অসুবিধা পায় ।

খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰি চকুৰ যত্ন ল’ব পাৰে । এনে পৰিস্থিতিত আমি আপোনালোকক ক’বলৈ ওলাইছো, সেই সামগ্ৰীসমূহৰ বিষয়ে যিবোৰে আপোনাৰ চকুৰ পক্ষে বাবে একেবাৰেই উপযুক্ত নহয় ।

ব্ৰেড আৰু পাস্তা

গৱেষণাৰ মতে, পাওৰুটি আৰু পাস্তাত পোৱা কাৰ্বহাইড্ৰেটে বয়সৰ লগত জড়িত মেকুলাৰ ডিজেনেৰেচনৰ সম্ভাৱনা বৃদ্ধি কৰে, যাৰ ফলত বয়সস্থ লোকৰ চকুৰ সমস্যা হ’ব পাৰে । আচলতে আপোনাৰ শৰীৰে এই ধৰণৰ কাৰ্ব অধিক সোনকালে হজম কৰে । যাৰ বাবে ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়, যাৰ বাবে চকুৰ লগত জড়িত সমস্যাও হ’ব পাৰে ।

চেচুৰেটেড আৰু ট্ৰেন্স ফেট

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে যিবোৰ খাদ্যত হাইড্ৰ’জেনেটেড অইল আৰু ট্ৰেন্স ফেট থাকে সেইবোৰৰ পৰা আঁতৰি থাকিব লাগে । ট্ৰেন্স ফেটে আমাৰ তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে । কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’লে ধমনী বন্ধ হৈ যাব পাৰে, হাৰ্ট এটেক, ষ্ট্ৰোক আনকি দৃষ্টিশক্তিও হেৰুৱাবলগীয়া হ’ব পাৰে ।

ছডিয়াম

যিবোৰ খাদ্যত নিমখ বেছি থাকে, ইয়াৰ ফলত বি পি বেছি হোৱাৰ সমস্যা হয় । সময়ৰ লগে লগে উচ্চ বিপিয়ে চকুৰ সমস্যাৰ সৃষ্টি কৰে, যেনে ৰক্তবাহী নলীৰ ক্ষতি, ৰেটিনাৰ তলত তৰল পদাৰ্থ জমা হোৱা, তেজৰ সোঁত বন্ধ হৈ স্নায়ুক নিধন কৰে । এই সকলোবোৰ সমস্যাৰ ফলত দৃষ্টিশক্তি কম হোৱাৰ লগতে দৃষ্টিশক্তি হেৰুৱাবও পাৰে ।

প্ৰচেছড মাংস

প্ৰচেছড মাংসত ছডিয়ামৰ পৰিমাণ বেছি । অতিৰিক্ত পৰিমাণৰ নিমখৰ ফলত শৰীৰত বি পি বেছি হ’ব পাৰে । ইয়াৰ ফলত হৃদযন্ত্ৰৰ সমস্যাকে ধৰি চকুৰ সমস্যাও হ’ব পাৰে ।

সুৰা

কেৱল খাদ্য সামগ্ৰীয়েই নহয়, সুৰাও এনেকুৱা বস্তু যিটো আপোনাৰ চকুৰ স্বাস্থ্যৰ বাবে ভাল নহয় । কম বয়সতে অত্যধিক মদ্যপান কৰিলে চকুৰ ছানি পৰা ৰোগ হ’ব পাৰে, যিটো সাধাৰণ অৱস্থা যাৰ ফলত চকুৰ লেন্সত বগা চামনি পৰে ।

লগতে পঢ়ক:Teeth Cleaning: দাঁত পৰিস্কাৰ নোহোৱাৰ বাবে চিন্তিত নেকি ? নিতৌ কৰক এই কাম মুকুতাৰ দৰে জিলিকি উঠিব আপোনাৰ দাঁত

ABOUT THE AUTHOR

...view details