অসম

assam

ETV Bharat / sukhibhava

উচ্চ ৰক্তচাপৰ বাবে বিপদজনক Hypertension: জানক ইয়াৰ কাৰণ - latest health news

উচ্চ ৰক্তচাপে মগজু আৰু হৃদযন্ত্ৰৰ দৰে অতি গুৰুত্বপূৰ্ণ অংগসমূহৰ ক্ষতি কৰিব পাৰে । মূৰৰ বিষ, উশাহ লোৱাত কষ্ট পোৱা, বুকুৰ বিষ, নাকৰ পৰা তেজ ওলোৱা, মূৰ ঘূৰোৱা আদি উচ্চ ৰক্তচাপৰ লক্ষণ ।

Hypertension is dangerous for mental health
উচ্চ ৰক্তচাপৰ বাবে বিপদজনক Hypertension: জানক ইয়াৰ কাৰণ

By

Published : Oct 6, 2022, 8:57 PM IST

Hypertensionক উচ্চ ৰক্তচাপ বুলিও কোৱা হয় । এই ৰোগৰ বাবে ৰক্তবাহী নলীত তেজৰ সোঁত বৃদ্ধি পায় । সামগ্ৰিক স্বাস্থ্যৰ বাবে এটা নিৰ্দিষ্ট গতিৰে ৰক্ত সঞ্চালন হোৱাটো ভাল বুলি ধৰা হয়, শৰীৰত স্বাভাৱিক ৰক্তচাপৰ মাত্ৰা 120/80mmHg হ’ব লাগে । যদি ৰক্তচাপ বা ৰক্ত সোঁতে এই সীমা অতিক্ৰম কৰে তেন্তে শৰীৰত উচ্চ ৰক্তচাপৰ সমস্যা দেখা যায় । উচ্চ ৰক্তচাপে মগজু আৰু হৃদযন্ত্ৰৰ দৰে অতি গুৰুত্বপূৰ্ণ অংগসমূহৰ ক্ষতি কৰিব পাৰে ।

মূৰৰ বিষ, উশাহ লোৱাত কষ্ট পোৱা, বুকুৰ বিষ, নাকৰ পৰা তেজ ওলোৱা, মূৰ ঘূৰোৱা আদি উচ্চ ৰক্তচাপৰ লক্ষণ । ৰক্তচাপ জুখিব পৰা যায় স্ফাইগমোমেনোমিটাৰ, যাক ৰক্তচাপ মিটাৰ বুলিও কোৱা হয়(Hypertension is dangerous for mental health) । ৰক্তচাপৰ মাত্ৰা কিয় বৃদ্ধি পায় আৰু ইয়াক বৃদ্ধি নহ’বলৈ লোৱা ব্যৱস্থাৰ বিষয়ে জনাওক ।

মানসিক চাপ আৰু অনিয়ন্ত্ৰিত খাদ্য গ্ৰহণ

উচ্চ ৰক্তচাপৰ প্ৰধান কাৰণ হ’ল মানসিক চাপ আৰু অনিয়ন্ত্ৰিত খাদ্যাভ্যাস । উচ্চ ৰক্তচাপৰ বাবে ৰক্তবাহী নলীত তেজৰ চাপ বাঢ়ি যায়, এনে অৱস্থাত হৃদযন্ত্ৰই ৰক্তবাহী নলীবোৰত তেজৰ সুচল প্ৰবাহ বজাই ৰাখিবলৈ অধিক কাম কৰিবলগীয়া হয়, যাৰ ফলত ইয়াৰ ওপৰত চাপ বৃদ্ধি পায় । ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায় ।

উচ্চ ৰক্তচাপৰ ফলত হোৱা সমস্যা

  • হাৰ্ট এটেক বা ষ্ট্ৰোক
  • বিপাকীয় চিনড্ৰম
  • বুজিবলৈ অসুবিধা
  • স্মৃতিশক্তি হেৰুৱা
  • ডিমেনচিয়াৰ সমস্যা

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা

  • ওজন কমোৱা আৰু সুস্থ বি.এম.আই বজাই ৰখা
  • দৈনিক ব্যায়াম কৰা
  • নিমখ, চেনি আৰু চৰ্বি কমকৈ সেৱন কৰা
  • মদ, চিগাৰেটৰ পৰা আঁতৰত থকা
  • কেফেইনযুক্ত পানীয় পৰিহাৰ কৰা

লগতে পঢ়ক:Cerebral Palsy হয়নো কি ? জানক ইয়াৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা

ABOUT THE AUTHOR

...view details