অসম

assam

ETV Bharat / sukhibhava

শীতকালত শিশুৰ জ্বৰ হ’লে কেনেদৰে কৰিব নিৰাময় ? চিকিৎসকৰ পৰা জানি লওক - পেৰাচিটামল

শীতকালৰ এই সময়ছোৱাত ঋতু পৰিবৰ্তৰ লগে লগে শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ জনলৈ জ্বৰ , কাহ, চৰ্দি আদিত আক্রান্ত হোৱা দেখা যায় ৷ এই সময়ছোৱাত আপোনাৰ শিশুটিৰ কেনেদৰে যতন ল'ব এই সম্পৰ্কে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ ৰীতেশ জৈনে ৷

how-to-take-care-of-your-childs-health-in-this-winter
শীতকালত শিশুৰ জ্বৰ হ’লে কেনেদৰে কৰিব নিৰাময় ? চিকিৎসকৰ পৰা জানি লওক

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 5:52 PM IST

শিশুৰোগ বিশেষজ্ঞ ডাঃ ৰীতেশ জৈন

গুৱাহাটী, 12 ডিচেম্বৰ: শীতৰ এই সময়ছোৱাত ঠাণ্ডা পোৱাৰ লগে লগে বিশেষকৈ শিশু সকলৰ প্ৰায়ে জ্বৰ, চৰ্দি, কাহ আদি হৈ থকা দেখা যায় ৷ চিকিৎসাক পৰামৰ্শ অনুসৰি জ্বৰ ঠাণ্ডা বা গৰম যি সময়তে নহওক কিয়, শিশু গৰকীৰ জ্বৰ নিৰীক্ষণ কৰি থাকিব লাগিব ৷ সময়ে সময়ে থাৰ্মমিটাৰে জ্বৰতো নিৰীক্ষণ কৰি থাকিব লাগিব ৷ যদি তাপমাত্ৰা ১০০ ডিগ্রীতকৈ বেছি হয় তেন্তে পেৰাচিটামল বা অন্য জ্বৰৰ ঔষধ খুৱাই দিব লাগে ৷

জ্বৰ হলে আমাৰ শৰীৰত থকা পানী শুকাই যায় ৷ সেয়ে সেয়ে পানী, ফল-মূলৰ ৰস আদি খুৱাব লাগে ৷

বহুসময়ত দেখা যায় যে শিশুৰ জ্বৰ হোৱাৰ পিছত অভিভাৱক সকলে জ্বৰৰ ঔষধ খুৱাই শিশুগৰাকীক বিদ্যালয়লৈ পঠিয়াই দিয়ে ৷ এনে কেতিয়াও কৰিব নালাগে ৷ কাৰণ জ্বৰ হৈ থাকিলে এই সময়ছোৱাত শৰীৰৰ জিৰণিৰ প্ৰয়োজন হয় ৷ ইয়াৰোপৰি এই সময়ছোৱাত প্ৰায় ভাইৰেল জ্বৰ হোৱা দেখা যায় ৷ সেয়ে বিদ্যালয়ত গলে এজন শিশুৰ পৰা আন এজন শিশুলৈ সহজে বিয়পাৰো সম্ভৱনা থাকে ৷ সেয়ে শিশুটিৰ জ্বৰ হোৱাৰ তিনি দিনলৈ ঘৰতে ৰাখি প্ৰাথমিক চিকিৎসা আগবঢ়াব লাগে ৷

যদিহে তিনিদিনৰ পিছত জ্বৰ নকমে বা জ্বৰৰ তাপমাত্ৰ বৃদ্ধি পাই থাকে তেন্তে তাৎক্ষণিক ভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ৷

শীতৰ এই সময়ছোৱাত শিশুসকলক কেনেধৰণৰ খাদ্য খুৱাব লাগে

১) শীতৰ এই সময়ছোৱাত ড্ৰাই ফ্ৰুটচ খুৱাব লাগে ৷

২) মাছ-মাংস, কণী আদি খুৱাব লাগে ৷

৩) ঘিউ, বাটাৰ আদি খুৱাব পাৰে ৷

৫) সময়ে সময়ে গৰম পানী খুৱাই থাকিব লাগে ৷

৬)ফলমূল, সতেজ শাক-পাচলি আদি খুৱাব লাগে ৷

লগতে পঢ়ক:শীতকালত সুস্থ হৈ থাকিব হৃদযন্ত্ৰ-হাড়-ছাল, মাত্ৰ খাদ্যত অন্তৰ্ভুক্ত কৰক বাদাম

ABOUT THE AUTHOR

...view details