অসম

assam

ETV Bharat / sukhibhava

বজাৰৰ পৰা মিঠাই ক্ৰয় কৰাৰ পৰিৱৰ্তে ঘৰতে এনেদৰে তৈয়াৰ কৰক চুগাৰ ফ্ৰী বেচনৰ লাডু - বেচনৰ লাডু

মিঠাই আমাৰ সকলোৰে প্ৰিয় ৷ কিন্তু অত্যাধিক মিঠাই খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে একেবাৰে হানিকাৰক ৷ কিন্তু এতিয়া আৰু আপুনি মিঠাইৰ লোভ সামৰিব নালাগে ৷ ঘৰতে খুব সহজতে তৈয়াৰ কৰি আপুনি আপোনাৰ প্ৰিয় বেচনৰ লাডু খাব পাৰে ৷ তাকো মিঠা অবিহনে ৷ হয়, আজি চুগাৰ ফ্ৰী বেচনৰ লাডু ঘৰত কিদৰে প্ৰস্তুত কৰিব পাৰি, জানো আহক-

How to make sugar free besan ladoo at home
বজাৰৰ পৰা মিঠাই ক্ৰয় কৰাৰ পৰিৱৰ্তে ঘৰতে এনেদৰে তৈয়াৰ কৰক চুগাৰ ফ্ৰী বেচনৰ লাডু

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 5:31 PM IST

মিঠাই খাই ভাল নোপোৱা লোকৰ সংখ্যা হয়তো বহুত কমেই হ’ব ৷ যিকোনো উৎসৱ-পাৰ্বনত মিঠাই অবিহনে আধৰুৱা মুঠতে মিঠাই আমাৰ সকলোৰে প্ৰিয় ৷ কিন্তু অত্যাধিক মিঠাই খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে একেবাৰে হানিকাৰক ৷ মিঠায়েই হৈছে ডায়েবেটিছৰ দৰে দুৰোৰোগ্য ৰোগৰ প্ৰধান কাৰণ ৷ যাৰ বাবে খাবলৈ মন গ'লেও আমি কোনো সময়ত মিঠাইৰ পৰা দূৰতে থাকিবলগীয়া হয় ৷ কিন্তু এতিয়া আৰু আপুনি মিঠাইৰ লোভ সামৰিব নালাগে ৷ ঘৰতে খুব সহজতে তৈয়াৰ কৰি আপুনি আপোনাৰ প্ৰিয় বেচনৰ লাডু খাব পাৰে ৷ তাকো মিঠা অবিহনে ৷ হয়, আজি চুগাৰ ফ্ৰী বেচনৰ লাডু ঘৰত কিদৰে প্ৰস্তুত কৰিব পাৰি, জানো আহক-

বেচনৰ লাডু বনাবৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ-

  • ঘিউ
  • দুকাপ ময়দা
  • ১০-১২ টা খেজুৰ
  • ইলাচী গুৰি
  • কিচমিচ
  • শুকান ফলৰ গুৰি

চুগাৰ ফ্ৰী বেচনৰ লাডু বনোৱাৰ পদ্ধতি

  • কম জুইত এটা কেৰাহীত ঘিউ গৰম কৰি তাত দুই কাপ ময়দা ভাজি ল'ব ৷
  • ময়দাৰ ৰং পাতল মুগা হোৱাৰ পিছত ইয়াক এটা বাটিত উলিয়াই ল'ব ৷
  • ইয়াৰ পাছত আন এটা কেৰাহি গেছত তুলি তাত বাকলি গুচোৱা খেজুৰ কেইটা দি লৰাই থাকিব ৷
  • খেজুৰখিনি কোমল হোৱাৰ পিছত সেইখিনি হেতা বা মেছাৰেৰে কেৰাহিতে ভালদৰে ভাঙি লৈ তাত ইলাচী গুৰি, কিচমিচ, শুকান ফলৰ পাউডাৰ মিহলি কৰিব ৷
  • যেতিয়ালৈকে খেজুৰখিনিৰ লগত সকলো উপাদান ভালদৰে মিহলি হৈ নাযায়, তেতিয়ালৈ এই মিশ্ৰণটো ৰান্ধি থাকিব ৷
  • এতিয়া এই মিশ্ৰণত ভজা ময়দা মিহলি কৰি ২ মিনিটৰ বাবে কম জুইত ৰান্ধিব ৷
  • ইয়াপ পিছত এই মিশ্ৰণটো প্লেট এখনত উলিয়াই লৈ হাতৰ তলুৱাত অলপ ঘিউ লগাই লাডু তৈয়াৰ কৰক ৷মন গ'লে আপুনি এই লাডুৰ ওপৰত কাজু দি সজাবও পাৰে ৷

লগতে পঢ়ক:কি হয় হাৰ্ট ভালভৰ ৰোগ ? কেনেকৈ প্ৰতিৰোধ কৰিব এই ৰোগ

ABOUT THE AUTHOR

...view details