অসম

assam

ETV Bharat / sukhibhava

Scripps Research Institute ৰ গৱেষক আগবাঢ়িছে HIVৰ ভেকচিন প্ৰস্তুতিৰ দিশে - Scripps Research Instituteৰ গৱেষক

স্ক্ৰিপছ ৰিচাৰ্চ ইনষ্টিটিউটৰ গৱেষকসকলে এন্টিব’ডি ভেকচিন তৈয়াৰ কৰাৰ চেষ্টা কৰি HIV প্ৰতিৰোধৰ দিশত এক পদক্ষেপ গ্ৰহণ কৰিছে ।

how-soon-will-there-be-an-hiv-vaccine
Scripps Research Instituteৰ গৱেষকসকল আগবাঢ়িছে HIV নিয়ন্ত্ৰণৰ ভেকচিন প্ৰস্তুতিৰ দিশে

By

Published : Dec 6, 2022, 4:47 PM IST

কেৱল শিশু আৰু যুৱক-যুৱতীক নহয়, যিকোনো বয়সৰ লোকেই এইচ আই ভি ৰোগত আক্ৰান্ত হ'ব পাৰে । HIVৰ কোনো নিৰাময় নাই । কিন্তু এনে কিছুমান চিকিৎসা উপলব্ধ যিয়ে ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰে । ইয়াৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ প্ৰচেষ্টা দীৰ্ঘদিন ধৰি চলি আছে । কিন্তু গৱেষক বা চিকিৎসা বিজ্ঞানীসকল এতিয়াও এই ক্ষেত্ৰত সফল হ'ব পৰা নাই(HIV symptoms) । এই ভেকচিনবোৰৰ কোনোটোৱেই ব্ৰেডলি-নিউট্ৰেলাইজিং এন্টিব’ডি প্ৰৰোচিত কৰিবলৈ সক্ষম হোৱা নাছিল । ইহঁতক ছুপাৰ এন্টিবডি বুলি ধৰিব পাৰি ।

মানুহৰ ক্ষেত্ৰতো একেধৰণৰ প্ৰতিৰোধ ক্ষমতাৰ প্ৰতিক্ৰিয়া প্ৰৰোচিত কৰা ভেকচিন অতি উপযোগী হ’ব । স্ক্ৰিপছ ৰিচাৰ্চ ইনষ্টিটিউটৰ গৱেষকসকলে(Scripps Research Institute) এই দিশত এক পদক্ষেপ গ্ৰহণ কৰিছে । উদ্ভাৱনীমূলক জাৰ্মলাইন টাৰ্গেটিং প্ৰযুক্তিৰে নতুন ভেকচিন প্ৰস্তুত কৰা হৈছে(A vaccine for HIV is possible) । নতুন জ্ঞানৰ সহায়ত পূৰ্বনিৰ্ধাৰিত নিৰ্দিষ্ট জিনীয় বৈশিষ্ট্যৰ এন্টিব’ডি উৎপন্ন কৰা ভেকচিন প্ৰস্তুত কৰা সম্ভৱ হৈছে ।

স্ক্ৰিপছ ৰিচাৰ্চ ইনষ্টিটিউটৰ উইলিয়াম শ্বিফে কয় যে, ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে মানুহৰ প্ৰয়োজনীয় এন্টিব’ডি উৎপাদন কৰিব পৰা ভেকচিন তৈয়াৰ কৰিব পাৰি । কেৱল HIV নহয়... এই ভেকচিনৰ পৰা পোৱা জ্ঞানৰ সহায়ত ফ্লু, হেপাটাইটিছ C আৰু ক’ৰোনা ভাইৰাছৰ চিকিৎসা কৰিব পৰা যাব বুলি আশা কৰা হৈছে । বিজ্ঞানীসকলে HIVৰ ভিন্নতাক লক্ষ্য কৰি ল’ব পৰা এন্টিব’ডি প্ৰস্তুতকৰণৰ বাবে পদক্ষেপ অনুসৰি বিভিন্ন পদ্ধতি অন্তৰ্ভুক্ত কৰিছিল ।

আন্তঃৰাষ্ট্ৰীয় এইডছ ভেকচিন ইনিচিয়েটিভৰ তথ্য অনুসৰি বিশ্বৰ ৩.৮ কোটি লোক এইচ আই ভিত আক্ৰান্ত হৈছে । বৰ্তমান এই মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে ২০ টাতকৈও অধিক ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল চলি আছে(HIV prevention) । ইয়াৰ সমান্তৰালকৈ বিশ্বত এতিয়ালৈকে ইয়াৰ ফলত ৪ কোটি লোকৰ মৃত্যু হৈছে । বিগত বছৰ ১৫ লাখ লোক এইডছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৬ লাখ ৫০ হাজাৰ ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল ।

লগতে পঢ়ক:Hair Fall: পিয়াঁজ-আদা-নহৰুৱে চুলি সৰা কম কৰিব পাৰেনে ?

ABOUT THE AUTHOR

...view details